জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্য সম্ৰাজ্ঞী তথা দক্ষিণ কামৰূপৰ সু-সন্তান ড° মামণি ৰয়চম গোস্বামীৰ আজি দশম সংখ্যক মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মিৰ্জাৰ মামণি ৰয়চম গোস্বামী চক’ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পুৱা ৬ বজাত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি মামণি ৰয়ছম গোস্বামী চ’কত এক সমূহীয়া চাফাই অভিযান ৰূপায়ণ কৰা হয়। দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি পৃথিৱী দাসে সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে শিক্ষা সম্পাদক বেদব্ৰত দাসে। ইয়াৰ পিছত ক্ৰমে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা, নাম প্ৰসংগ আদি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে সন্ধিয়া ৫ বজাত ২০০০ গছি বন্তি প্ৰজ্জ্বলন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উক্ত কাৰ্য্যসূচীত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকূৰীয়া, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি দাস, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ৰঞ্জন ভূঞা, ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীনমণি কলিতা, অমৃত চন্দ্ৰ ঠাকুৰীয়া বাণিজ্য কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ সমীৰণ শৰ্মা, পলাশবাৰী সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ বৈশ্য, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাস, বিত্ত সম্পাদক ঋতুমণি চৌধুৰী, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতুল কুমাৰ, দক্ষিণ কামৰূপ অঞ্চলৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মামণি ৰয়ছম গোস্বামীক একাঁজলী পুষ্পাঞ্জলীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে, বাইদেউৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে দক্ষিণ কামৰূপ ছাত্র সন্থাই তেওঁৰ নামেৰে অহা বছৰৰ পৰা সাহিত্য বটা প্ৰদান কৰিব বুলি কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাসে জানিবলৈ দিয়ে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon