বিগত প্ৰায় দুই বছৰ ধৰি ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থৱিৰ হৈ থকাৰ দৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই কেতবোৰ কাৰ্যসূচীৰ পৰা বিৰত আছিল যদিও বৰ্তমান পৰিস্থিতি কিছু শিথিল হোৱাত সংগঠনৰ কাম কাজ ক্ষীপ্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। শোণিতপুৰ জিলাৰ নদুৱাৰৰ হাটিঙাত আটছাৰ প্ৰাথমিক শাখা গঠন কৰা হয় নদুৱাৰ শাখা আটছাৰ অন্তৰ্গত তথা জামুগুৰিহাটস্থিত ৰঙাচকুৱা উপ-শাখা আটছাৰ এলেকাধীন হাটিঙা বড়ি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত এখন প্ৰতিনিধিমূলক সভা অনুষ্ঠিত হৈ যায়। হাটিঙা বড়িৰ চাহ জনগোষ্ঠীয় ৰাইজৰ ছাত্ৰ-ছাত্ৰী সকলৰ আহ্বান ক্ৰমে অনুষ্ঠিত হোৱা সভাখনৰ সভাপতিত্ব কৰে স্থানীয় সমাজ কৰ্মী ৰাজু মুড়াই। বিশ্বনাথ জিলা আটছাৰ শিক্ষা আৰু সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰ আৰু নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতীৰ উপস্থিতিত স্থানীয় যুৱক প্ৰদীপ মুড়াই উদ্দেশ্য ব্যাখা কৰা প্ৰতিনিধিমূলক সভাত আটছাৰ সাংগঠনিক দিশত জনগোষ্ঠীৰ বৰ্তমান স্থিতি আৰু চাহ জনগোষ্ঠীৰ এক মাত্ৰ ছাত্ৰ সংগঠন আটছাৰ আগন্তক কাৰ্যপন্থা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আলোচনা হয়। কাৰ্যসূচী অনুসৰি নদুৱাৰ শাখা আটছাৰ সহকাৰী সম্পাদক পূৰণ তাঁতী আৰু কাৰ্য নিৰ্বাহক অৰুন গোৱালাৰ পৰ্যবেক্ষণত বিষয় বাচনী সভা আৰম্ভ হয়। বিষয় বাচনী সভাত পৰ্যবেক্ষকৰ পৰিচালনত প্ৰস্তাৱ আৰু সমৰ্থন যোগে সভাপতি মাৰ্কুচ চুৰিণ উপ-সভাপতি প্ৰদীপ ওৰাং,দিবাকৰ মুণ্ডা,বসুন্দ্ধৰ তাঁতী আৰু সম্পাদক শ্যাম মুণ্ডা সহকাৰী সম্পাদক সুজিৎ ৰৌতীয়া,ৰিম্পী ৰৌতীয়া আৰু ইলা ৰৌতীয়াক লৈ মুঠ ৩১ জনীয়া সমিতি গঠন কৰে। উল্লেখ্য যে নদুৱাৰ অঞ্চলৰ বৃহৎৰ হাটিঙা অঞ্চলত বসবাস কৰা চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত শেহতীয়াকৈ ছাত্ৰ সংগঠনটিৰ প্ৰয়োজনীয়তা অনুভৱ কৰি স্থানীয় সমাজ কৰ্মী ৰাজু মুড়া আৰু হেমন্ত ৰৌতীয়াই নৱগঠিত আটছাৰ প্ৰাথমিক শাখাৰ সকলোলৈকে অভিনন্দন জ্ঞাপন কৰি জনগোষ্ঠীটোৰ হৈ কাম কৰি যাৱলৈ আহ্বান জনায়। ইয়াৰ উপৰিও শতাধিক ৰাইজ উপস্থিত থকা সভাত নদুৱাৰ শাখা আটছাৰ অন্যতম প্ৰাক্তন নেতা তথা শিক্ষক বিজেন তাঁতী দিকৰাই উপ-শাখা আটছাৰ সভাপতি ভগত তাঁতীয়ে জনগোষ্ঠীটোৰ শৈক্ষিক সামাজিক দিশত এক গঠনমূলক বক্তৱ্য আগবঢ়ায়।সভাত গেলাহাটিঙা প্ৰাথমিক আটছাৰ সভানেত্ৰী নেহা নায়ক অন্যতম আটছা নেতা আনন্দ তচা,কৰণ তচা আৰু দিকৰাই উপ-শাখা আটছাৰ সম্পাদক দয়াল তচাসহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী