১৯৯২ চনত জামতোলা মধ্য পাণ্ডুৰি হাইস্কুলত অষ্টম শ্ৰেণীত পঢ়ি থকা অৱস্থাৰ পৰাই কাব্যিক জগতত সোমাই বৰ্তমানৰ এই সময় পাইছো। কাব্যিক সাধনা কৰি ৰাইজৰ পৰা পোৱা মৰম, চেনেহ আদিয়ে মোক বাৰুকৈয়ে অনুপ্ৰেৰণা যোগাইছে। এই মন্তব্য বিশিষ্ট কবি, সাহিত্যিক তথা শিক্ষয়িত্ৰী মামনি কলিতাৰ। জ্ঞানপীঠ বঁটা বিজয়িনী মামনি ৰয়ছম গোস্বামী বাইদেওৰ জন্মস্থান দক্ষিণ কামৰূপৰ আমৰাঙা গাঁওৰ নিৱাসী তথা নৱাৰুণ সাহিত্য সভা, আমৰাঙা বৰিহাটৰ প্ৰাক্তন সম্পাদক তথা শিক্ষক ভাস্কৰজ্যোতি দাসৰ পত্নী অসম মেঘালয় সীমান্তৰ বেৰিগাও প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী মামনি কলিতাই ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে। অলপতে সাহিত্য সংগঠন নেবকাচৰ তৰফৰ পৰা ষষ্ঠ বাৰ্ষিক ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটাৰ কাব্য সাধনা খিতাপ পাবলৈ সক্ষম হয়। ইয়াৰোপৰি ২০১৮ চনত প্ৰতিষ্ঠিত যোৰহাটৰ প্ৰজ্ঞা কস্তুৰি প্ৰকাশন গোষ্ঠীৰ পৰা বৰ্ষশ্ৰেষ্ঠ কবি বঁটা, শব্দ সাকো ফেচবুক গোটৰ পৰা কাব্যনন্দিনী উপাধি পাবলৈ সক্ষম হয়। নিজে লিখা লিখনিখিনি গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ হেপাহৰ বাবে যোৱা ৩ অক্টোবৰত প্ৰথম কাব্য সংকলন অপৰাজিতা প্ৰকাশিত হোৱাৰ পিছত ৫ ডিচেম্বৰত সেই মিঠা হাঁহিটো শীৰ্ষক গল্পপুথিখন প্ৰকাশিত হয়। যোৰহাটস্থিত প্ৰজ্ঞা কস্তুৰি প্ৰকাশন গোষ্ঠীৰ কাৰ্য্যালয়ত দুইখন গ্ৰন্থ প্ৰকাশৰ সময়ত অসমৰ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ইয়াৰোপৰি মামনি কলিতাই ৮ গ্ৰন্থ প্ৰকাশৰ বাবে বৰ্তমান প্ৰস্তুতি চলাই আছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan