ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ আনন্দস্থিত আনন্দ কৃষি বিশ্ববিদ্যালয় চৌহদত অনুস্থিত “প্ৰি-ভাইব্ৰেন্ট গুজৰাট” শীৰ্ষক অনুষ্ঠানৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে প্ৰাকৃতিক কৃষিৰ ওপৰত দেশৰ কৃষক ৰাইজক সম্বোধিত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতাদেৱৰ তত্বাৱধানত প্ৰাকৃতিক কৃষি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনখনি ৱেবকাষ্টিং যোগে সম্প্ৰচাৰ কৰা হয়। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি তথা ৰঙিয়া বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা আৰু কামৰূপ জিলা পৰিষদৰ সভানেত্ৰী ৰীতা তালুকদাৰ উপস্থিত থাকে। অনুস্থানটিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ সমূহ বিজ্ঞানী তথা কৰ্মচাৰীসকল আৰু উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ অখিল ডেকা, ড০ ডালিম পাঠক আৰু মুখ্য বিজ্ঞানী ড০ প্ৰমোদ চন্দ্ৰ ডেকা উপস্থিত থাকে। কামৰূপ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ১৬০ জন কৃষকে অংশগ্ৰহণ কৰা উক্ত অনুস্থানটিৰ আঁত ধৰে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ পশু চিকিৎসা বিশেষজ্ঞা ড০ ইলাক্ষী ডেকাই।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন