ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা কাৰ্যত উদ্বেগ প্ৰকাশ কৰি দুৰ্ঘটনা ৰোধ কৰিবলৈ হাতে কামে নামি পৰিবলৈ আৰক্ষী আৰু পৰিবহন বিভাগক নিৰ্দেশনা দিছে।সমান্তৰালভাৱে সুৰাপান কৰি বাহন চলোৱা, নৱবৰ্ষক আদৰাৰ নামত ৩১ ডিচেম্বৰত একাংশ চালকে সুৰাপান কৰি পথত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰা আদি কার্য এইবেলি ৰোধ কৰিবলৈ আৰু এইক্ষেত্ৰত পৰিবহন বিভাগক আগতিয়াকৈ সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক যথাযথভাবে বাস্তৱায়িত কৰিবলৈ পথত নামি পৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব আৰু জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ নেতৃত্বত জিলাখনৰ যান বাহন পৰিদৰ্শক (এম.ভি.আই) আৰু প্ৰৱৰ্তক পৰিদৰ্শক (ই. আই) সকলে ইতিমধ্যে বিগত কেবাদিনো ধৰি গুৱাহাটীৰ গুৰুত্বপূৰ্ণ জনসমাগম হোৱা স্থান আৰু সদাব্যস্ত পথ সমূহত দুৰ্ঘটনা ৰোধৰ সজাগতা সৃষ্টিৰ বাবে সজাগতা সভা, বাটৰ নাট প্ৰদৰ্শন আদি অনুষ্ঠিত কৰি আহিছে। সমান্তৰালভাৱে জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ সমূহত ঠায়ে ঠায়ে মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত সজাগতামূলক হৰ্ডিং স্থাপন কৰা হৈছে। বিশেষকৈ দুৰ্ঘটনা এটা সংঘটিত নহবলৈ কিদৰে আগতিয়াকৈ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বাহন এখন পথত চলাই থকাৰ সময়ত চালক এজনে কি কৰিব লাগে, কি কৰিব নালাগে আদি বাণী সমূহ হৰ্ডিং সমূহত দূৰৰ পৰা দৃশ্যমান হোৱাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত সকলোৱে সুন্দৰকৈ সহজভাবে বুজিব পৰাকৈ লিখা হৈছে। আনহাতে মুখ্যমন্ত্ৰীয়ে এখন “দুৰ্ঘটনামুক্ত অসম” গঢ়াৰ যি সপোন দেখিছে তাক যথাযথ ৰূপ দিবলৈ হলে চালক, পৰিচালক, হেণ্ডিমেনৰ উপৰিজ যাত্ৰী, ৰাইজ, পথ ব্যৱহাৰকাৰী সকলো আগবাঢ়ি আহিব লাগিব। সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি দুৰ্ঘটনা মুক্ত অসম গঢ়াৰ বাবে যি সজাগতা অভিযান চলি আছে তাক ব্যাপক ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ হলে সংবাদ মাধ্যমৰ সহযোগ একান্ত প্ৰয়োজনীয়। এইক্ষেত্ৰত ছপা আৰু বৈদ্যুতিন মাধ্যমে সহযোগ কৰিলে সজাগতা অভিযান সাধাৰণ ৰাইজৰ মাজত নিয়াটো আৰু সহজ হব বুলি গৌতম দাসে সদৰি কৰি সহযোগ কামনা কৰা হৈছে। ইয়াৰ প্ৰতি সঁহাৰি দি নিউজ লাইভে ১৭ ডিচেম্বৰৰ নিশা দুৰ্ঘটনা ৰোধ বিষয়ক এখন ৰাইজ মেল অনুষ্ঠিত কৰে। যত পৰিবহণ বিভাগ , আৰক্ষী বিভাগ, স্বাস্থ্যকে ধৰি ইয়াৰ লগত জড়িত কেবাটাও বিভাগৰ দায়িত্ববাহী বিষয়া, পৰিদৰ্শকে ভাগ লৈছিল।
Trending
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা