গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্ত্তী দিপৰ বিলক পর্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগৰ সহযোগত অসম পর্যটন উন্নয়ন নিগমে এক প্রকল্প নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছে । নানা পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি হিচাপে পৰিচিত দিপৰ বিলৰ সৌন্দৰ্য দেশ বিদেশৰ পৰ্যটকক উপভোগ কৰাৰ সুবিধা দিবলৈ ইয়াৰ সমীপত এক আন্ত : গাঁথনি নিৰ্মাণ কৰাৰ বাবে কালি ৰাজ্যৰ পৰ্যটন , শক্তি , ক্রীড়া আৰু যুৱ কল্যাণ আৰু সাংস্কৃতিক মন্ত্রী বিমল বৰা অধ্যক্ষতাত তেওঁৰ সভাকক্ষত বহা এক সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয় । সাংস্কৃতিক আৰু পর্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ , বন বিভাগৰ অতিৰিক্ত প্রধান বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদব , পর্যটন বিভাগৰ সঞ্চালিকা মধুমিতা ভাগৱতীকে ধৰি পৰ্যটন উন্নয়ন নিগম আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত গ্রহণ কৰা হয় । সভাত হোৱা আলোচনাত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো ফোন যোগে অংশগ্ৰহণ কৰে । সভাত লোৱা সিদ্ধান্ত মৰ্মে গুৱাহাটী মহানগৰীৰ সমীপতে অৱস্থিত দিপৰ বিলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্র বিন্দু হিচাপে গঢ়ি তোলা আৰু এই উদ্দেশ্যে সম্প্ৰতি বিলৰ পাৰত থকা বন বিভাগৰ আন্ত : গাঁথনি এই প্রকল্পৰ আধাৰত পুনৰ নিৰ্মাণৰ সিদ্ধান্ত গ্রহণ কৰি তাতেই পর্যটকৰ বাবে প্রয়োজনীয় সা – সুবিধা গঢ়ি তোলা হ’ব । এই প্ৰকল্পৰ অধীনত এটি একুৰিয়াম , নীৰিক্ষণ স্তম্ভ ( ৱাটছ টাৱাৰ ) , নাও চলোৱাৰ স – সুবিধা , কেন্টিন আৰু সুবিধাজনক পাঁচ স্থানত ব’ট হাউছ নিৰ্মাণ কৰা হ’ব । ইয়াৰ বাবে বহুদিন ধৰি চিন্তা – চৰ্চা কৰি থকা হৈছে যদিও আজি এই সন্দর্ভ সিদ্ধান্তত গ্রহণ কৰা হয় । ইতিমধ্যে এই প্রকল্পৰ বাবে ৰাজ্য চৰকাৰে বাজেটত চাৰি কৌটি টকা নিৰ্দ্ধাৰণ কৰি থৈছে।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত