অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত, উদ্যানশস্যৰ বিষয়বস্তু বিশেষজ্ঞা,ড° দৰদী প্রিয়ম দুৱৰাৰ তত্ত্বাবধানত আৰু মুৰব্বী ড° ধীৰেন কলিতাৰ সহযোগত ২০ জনীয়া দলক নাৰ্চাৰীৰ ওপৰত যোৱা ১৬ ৰপৰা ২১ ডিচেম্বৰলৈ পাঁচদিনীয়াকৈ প্রশিক্ষণ প্রদান কৰা হয়। এই প্রশিক্ষণৰ সময়ছোৱাত উদ্যানশস্য গবেষণাকেন্দ্রৰ প্রধান বিজ্ঞানী ড° সুনিল কুমাৰ বৰা, ড° সমীৰণ পাঠক আদি কৰি কেইবাজনো বিজ্ঞানীয়ে প্রশিক্ষণ দিয়ে। এই প্রশিক্ষণত নাৰ্চাৰীৰ আনুসঙ্গিক বিষয়ত বিতংভাৱে আলোচনা কৰা হয়। পুলিবাৰী প্রস্তুতি, যতন, উদ্যানশস্যৰ পুলি তৈয়াৰ কৰা আধুনিক পদ্ধতি, জলসিঞ্চন পদ্ধতি, আচ্ছাদন আদিৰ ওপৰত হাতে কামে প্রশিক্ষণ আগবঢ়ায়। জালালউদ্দিন আহমেদে ধূপধৰাত থকা নাৰ্চাৰিত প্রশিক্ষাথীসকলক ফলমূলৰ মাতৃগছ, যোৰাকলম, কলিকলম আদি পৰিদৰ্শন কৰে।পথাৰ শস্য বিশেষজ্ঞ ৰিজু হেলিমে জৈৱিক কৃষি, জৈৱিক সাৰৰ ওপৰত আভাস দিয়ে। তাৰোপৰি প্রাকৃতিক কৃষি, চাফাই অভিযানৰ ওপৰতো সজাগতা আৰু “আজাদী কা অমৃত মহোৎসব” উৎযাপন কৰে। প্রশিক্ষণৰ শেষত মানপত্র বিতৰণ কৰা হয়৷ এই বিতৰণ অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী, উদ্যান শস্য গবেষণাকেন্দ্রৰ প্রধান বিজ্ঞানী ড° অশিল ডেকা, ড° প্রমোদ ডেকা উপস্থিত আছিল।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon