বড়োলেণ্ডত টাইকোৱাণ্ডো এচ`চিয়েচনৰ অধীনত ওদালগুৰি জিলাৰ ডিমাকুছিত তিনিদিনিয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত টাইকোৱাণ্ডো প্ৰতিযোগিতা ৷ যোৱা ২৭ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে৷ চাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ হৈ অংশগ্ৰহণ কৰে জামুগুৰিহাটৰ বাৰ্বী বৰুৱাই আৰু চুহম নেৱাৰে৷৩০ কেজি শাখাত বাৰ্বী বৰুৱাই কেইবা গৰাকী প্ৰতিযোগীক ধাৰাশায়ী কৰি সোণৰ পদক জিনিবলৈ সক্ষম হয় লগতে চুহম নেৱাৰেও চিলভাৰ পদক জিনি টুপিয়া বাসী লৈ গৌৰৱ কঢ়িয়াই আনে৷ ইতিপূৰ্বে কেইবাখনো খেলত অংশগ্ৰহণ কৰি বাৰ্বী বৰুৱাই সোণৰ পদক জিনিবলৈ সক্ষম হৈছিল৷বাৰ্বী বৰুৱা আৰু চুহম নেৱাৰৰও এই কৃতকাৰ্যতাত শুভেচ্ছা জনাইছে অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লগতে ব্যক্তি বিশেষে৷বাৰ্বী বৰুৱা জামুগুৰিহাটৰ হোমিও চিকিৎসক দাদুল বৰুৱা আৰু জুৰি বৰুৱাৰ কনিষ্ঠ কন্যা আৰু হলি চাইল্ড ইংলিচ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী৷ বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী