কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা মালিক, ব্যৱসায়ীক উদ্যোগ- প্ৰতিষ্ঠানৰ বিৰুদ্ধে পূৰ্ণোৎদমে চলি আছে পৰিবহণ বিভাগৰ অভিযান। আজি মহানগৰীৰ ভূতনাথ, মালিগাঁও, কামাখ্যা, ফেন্সীবজাৰ আৰু ভৰলুমুখ আদি অঞ্চলত অভিযান তীব্ৰতৰ কৰি তোলে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ অভিযানকাৰী দলে। এই বৃহৎ অঞ্চলৰ মহানগৰীৰ ৰাজপথত গাড়ীৰ নথিপত্ৰসমূহ তন্ন-তন্নকৈ পৰীক্ষা কৰি ক’তো অকনো পানী নসৰকাকৈ অভিযান তীব্ৰতৰ কৰি তোলে। অভিযানৰ সময়ত বৃহৎ কৰ ফাঁকিৰে ৰাজপথত বিনাদ্বিধাই গাড়ী চলাই থকাৰ তথ্য ধৰা পৰাত ২০ খনকৈ গাড়ীৰ মালিকৰ বিৰুদ্ধে গোচৰ তৰি ই-চালান প্ৰেৰণ কৰাৰ লগতে ৩ খন ব্যৱসায়িক বাহন জব্দ কৰা হয়। ইফালে কালি দশমদিনা মহানগৰীৰ খানাপাৰাৰ পৰা যোৰাবাট, সোনাপুৰ, ক্ষেত্ৰী, ন-মাইল, কিলিংৰোড, বৰ্ণিহাটহৈ মেঘালয় সীমান্তৰ যোৰবিল অঞ্চললৈকে অভিযান চলোৱা হয়। অভিযানৰ সময়ত ব্যক্তিগত মালিকানাধীন বাহনৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থা, ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানত বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল উপস্থিত হৈ শীঘ্ৰে অনাদায়ী কৰ আদায়ৰ বাবে আহ্বান জনাই ডিমাণ্ড নটিছ প্ৰেৰণ কৰে। অভিযানৰ সময়ত বিগত দহ দিনত ৫ কোটিতকৈয়ো অধিক টকাৰ কৰ সংগ্ৰহৰ বিপৰীতে মহানগৰীত এতিয়াও ১০০ কোটিতকৈয়ো অধিক বকেয়া কৰ দিবলৈ বাকী আছে যানবাহনৰ মালিকে। কেবল কৰ সংগ্ৰহতে ছাৰখাৰ অভিযান সীমাবদ্ধ নাৰাখি ইয়াৰ সমান্তৰালভাৱে সজাগতা অভিযানো প্ৰতিদিনেই অব্যাহত ৰখা হৈছে। ৰাজপথত গাড়ীৰ নথিপত্ৰ পৰীক্ষা কৰাৰ পৰা উদ্যোগ-প্ৰতিষ্ঠানকে ধৰি বাহনৰ গৰাকীৰ ঘৰত বিষয়াৰ দল উপষ্ঠিত হওঁতেও প্ৰতি মুহূৰ্ততে বিভাগৰ উদ্যোগত মাইকযোগে সময়মতে কৰ আদায় দি নিজকে এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে পৰিচয় দিবলৈ সকলো যানবাহনৰ মালিকৰ প্ৰতি আহ্বান জনোৱাৰ লগতে এই কাৰ্যত অৱহেলা কৰিলে সন্মুখীন হ’বপৰা সমস্যা আৰু এইক্ষেত্ৰত লবলগীয়া সাৱধানতা সন্দৰ্ভতো সজাগ আৰু সচেতন কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon