দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানত আজি এক ব্যতিক্ৰমী অনুষ্ঠানৰে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উদীয়মান কাৰ্টুনিষ্ট, ব্যংগ লেখক তথা সাংবাদিক নুৰুল ইছলামৰ নিজ গৃহৰ চোতালত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত তেওঁৰ হাস্যব্যংগ সংকলন “বুধিন বৰ মানুহ হ’ল” উন্মোচন কৰে লোক কৃষ্টিৰ সাধক ভূবিন ৰাভাই। উন্মোচন কৰি বিশিষ্ট সাধক ৰাভাই কয় যে ” মানুহক কন্দুৱাবলৈ সহজ, কিন্তু হহুঁৱাবলৈ বৰ টান। ব্যংগ সাহিত্যৰ এই ধাৰাটোত লিখা মেলা কৰা লোক তেনেই তাকৰ, তাৰ মাজতে সাহিত্যৰ এই ধাৰাটোত মনোনিৱেশ কৰাৰ উপৰি ইছলামে কাৰ্টুন চৰ্চা অব্যাহত ৰখাতো খুবেই আদৰণীয়।” অনুষ্ঠানত উদীয়মান সাহিত্যানুৰাগী ধনচা আলীয়ে আঁতধৰা অনুষ্ঠানটি সঞ্চালনা কৰে চিন্তাশীল সাহিত্যপ্ৰেমী ৰমেন কুমাৰ দাসে। দিদাৰুণ নেছাৰ সুমধুৰ জ্যোতি সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট স্বাস্থ্য বিষয়া ডাঃ ভানু শইকীয়া, অসম শিশু সুৰক্ষা অধিকাৰ আয়োগৰ অধ্যক্ষা ড° সুনীতা চাংকাকতি , ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাৰ উপৰি সিদ্ধেশ্বৰ ৰাভা, ৰবীন শালৈ, খলিল আলী, মনচুৰ আলী, আব্দুল হুছেইনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি সাহিত্য বিষয়ত কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত