দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানত আজি এক ব্যতিক্ৰমী অনুষ্ঠানৰে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উদীয়মান কাৰ্টুনিষ্ট, ব্যংগ লেখক তথা সাংবাদিক নুৰুল ইছলামৰ নিজ গৃহৰ চোতালত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত তেওঁৰ হাস্যব্যংগ সংকলন “বুধিন বৰ মানুহ হ’ল” উন্মোচন কৰে লোক কৃষ্টিৰ সাধক ভূবিন ৰাভাই। উন্মোচন কৰি বিশিষ্ট সাধক ৰাভাই কয় যে ” মানুহক কন্দুৱাবলৈ সহজ, কিন্তু হহুঁৱাবলৈ বৰ টান। ব্যংগ সাহিত্যৰ এই ধাৰাটোত লিখা মেলা কৰা লোক তেনেই তাকৰ, তাৰ মাজতে সাহিত্যৰ এই ধাৰাটোত মনোনিৱেশ কৰাৰ উপৰি ইছলামে কাৰ্টুন চৰ্চা অব্যাহত ৰখাতো খুবেই আদৰণীয়।” অনুষ্ঠানত উদীয়মান সাহিত্যানুৰাগী ধনচা আলীয়ে আঁতধৰা অনুষ্ঠানটি সঞ্চালনা কৰে চিন্তাশীল সাহিত্যপ্ৰেমী ৰমেন কুমাৰ দাসে। দিদাৰুণ নেছাৰ সুমধুৰ জ্যোতি সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট স্বাস্থ্য বিষয়া ডাঃ ভানু শইকীয়া, অসম শিশু সুৰক্ষা অধিকাৰ আয়োগৰ অধ্যক্ষা ড° সুনীতা চাংকাকতি , ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাৰ উপৰি সিদ্ধেশ্বৰ ৰাভা, ৰবীন শালৈ, খলিল আলী, মনচুৰ আলী, আব্দুল হুছেইনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি সাহিত্য বিষয়ত কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন