কুষ্ঠ মুক্ত ভাৰত গঢ়াৰ সংকল্পৰে ৩০ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ সমগ্ৰ দেশতে স্পৰ্শ কুষ্ঠ নিবাৰণী পষেকৰ আয়োজন কৰা হৈছে। কুষ্ঠ নিবাৰণী পষেকৰ অংশ স্বৰূপে আজি ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগতো ওদালগুৰি জিলাত স্পৰ্শ কুষ্ঠ সজাগতা অভিযানৰ শুভাৰম্ভ কৰা হয়। ওদালগুৰি জিলাক কুষ্ঠ মুক্ত জিলা হিচাপে গঢ় দিয়াৰ উদ্দেশ্য আগত ৰাখি আজি ওদালগুৰিৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত দিল্লীৰ পৰা আহি অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী কাৰ্যসূচীৰ পৰামৰ্শদাতা ডা° এন মণিমজিয়ে। তেওঁ ভাষণত ওদালগুৰি জিলাক কুষ্ঠ মুক্ত কৰাৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায় লগতে একেলগে কাম কৰি কুষ্ঠ নিৰ্মূল কৰাৰ বাবে শপত বাক্য পাঠ কৰে। অনুষ্ঠানত ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডা. অভিজিত বাসু, জিলা প্ৰতিষেধক বিষয়া ডা.গণেশ ব্ৰহ্ম, ওদালগুৰি জিলাৰ ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী কাৰ্যসূচীৰ মুৰব্বী বিষয়া ডা. নৱজিত ৰাজখোৱা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ District programme Manager বাচিল টপ্প, এম আৰ ডি এছৰ অধ্যক্ষ মিলন দাস, District Media Expert মধুস্মিতা বৈশ্য, District community mobilizer সঞ্জীৱ কুজুৰৰ লগত স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী, আশাকৰ্মী আদি উপস্থিত থাকে। লগতে এই অনুষ্ঠানত পিৰামল স্বাস্থ্য, উইছ ফাউন্ডেচন, কেয়াৰ ইন্ডিয়া আদি এন জি আৰ প্ৰতিনিধি সকল অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে জিলা উপায়ুক্ত ড. উদয় প্ৰবীণে জিলা খনক কুষ্ঠ মুক্ত কৰাৰ বাবে যথেষ্ট আগভাগ লৈছে।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika