অসমৰ লোক সংস্কৃতিৰ এক এৰাব নোৱাৰা উপাদান হ’ল বিয়া নাম।এখন বিবাহৰ জোৰোণ আৰু বিয়াত মহিলা সকলে গোৱা এই বিয়ানামে বিবাহ স্থলীত সুকীয়া মাদকতা প্ৰদান কৰে।কিন্তু সময়ৰ লগে লগে আমাৰ মাজৰ পৰা এই বিয়া নাম সমূহ হেৰাই যোৱাৰ উপক্ৰম হৈছে। অসমৰ লোক সংস্কৃতিৰ চহকী উপাদান বিয়া নাম সমূহ যাতে সময়ৰ সোতত হেৰাই যাব নোৱাৰে ,তাৰ প্ৰতি লক্ষ্য ৰাখি অসম সাংস্কৃতিক সঞ্চালকালয়ৰ জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অলপতে অনুষ্ঠিত হয় বিয়ানামৰ প্ৰশিক্ষণ কৰ্মশালা ।এই কৰ্মশালাত জামুগুৰিহাটৰ ৩০গৰাকী মহিলাই প্ৰশিক্ষণ লৈ বিয়া নাম প্ৰদৰ্শন কৰে। জামুগুৰিহাটৰ বাপুজী ভৱনত ১০দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ অন্তিমদিনা মহিলা সকলে জাকে জাকে বিয়া নাম পৰিবেশন কৰে। উল্লেখ্য যে এখন বিবাহৰ জোৰোণ,পানীটোলাকে ধৰি বিভিন্ন সময়ত কোন খিনি বিয়া নাম গাব লাগে তাৰ ওপৰত সম্পূৰ্ণ ৰূপে প্ৰশিক্ষণ দিয়া হয় এই কৰ্মশালাত।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন