ৰাষ্ট্রীয় গ্ৰামীণ বিকাশ নিধি চমুকৈ আৰ জি ভি এন আৰু আই টি চি এম এছকেই যৌথভাবে গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকলৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ লোক সকলে যাতে জীৱিকা নিৰ্বাহৰ বিকল্প পথ সমূহ বিচাৰি উলিয়াই আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (এ.এছ এল.আৰ.এম) সহযোগত সজাগতা অভিযানকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এই কাৰ্যসূচীৰ অংশহিচাপে আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত এখন সজাগতা সভা অনুষ্ঠিত হয়। আৰ জি ভি এনৰ প্ৰকল্প সমন্বয়কদ্বয় আৰকন্যা বৰাৰ আদৰণি ভাষণ আৰু নবাব আহমেদৰ উদ্দেশ্য বাখ্যাৰে শুভাৰম্ভ হোৱা সভাত কামৰূপ জিলাৰ ৰামপুৰ আৰু ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনৰ ৭ খনকৈ গাঁও পঞ্চায়তৰ সভাপতি, সচিব আত্মসহায়ক গোটকে ধৰি অন্যান্য অংশীদাৰী সকলে ভাগ লয়। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্র , কামৰূপৰ মুখ্য বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাই ভাষণ প্ৰসংগত অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা থলুৱা সম্পদ সমূহৰ বিজ্ঞান সন্মতভাবে বিকশিত কৰি তাক বাণিজ্যিকৰণৰে জীৱিকা নিৰ্বাহৰ পথ উলিয়াব পাৰি বুলি তথ্য সহকাৰে দাঙি ধৰে। সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কামৰূপ জিলাৰ জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ অৰুণ শৰ্মাই ছাগলী, গাহৰি, হাঁহ, কুকুৰাকে ধৰি পশুপালনৰ জৰিয়তে কম সময়, কম মূলধন, কম ঠাইত কি দৰে আৰ্থিক ভাৱে স্বাৱলম্বী হ’ব পাৰি তাৰ বিশদ বিৱৰণ দাঙি ধৰে। সভাত আই টি চি লিমিটেডৰ প্ৰকল্প প্ৰবন্ধক অতনু চেটাৰ্জী, এ. এছ.এল.আৰ.এমৰ কামৰূপ জিলাৰ প্ৰকল্প প্ৰবন্ধক ডি নন্দনে ভাগ লৈ পশুপালন, কৃষিপালনৰ জৰিয়তে মহিলাকে ধৰি গাঁও অঞ্চলৰ লোক সকলৰ জীৱিকা নিৰ্বাহৰ থলী সমূহ উত্তৰণৰ হকে কাম কৰি অহা বুলি সদৰি কৰে। আনহাতে দিনযোৰাকৈ অনুষ্ঠিত সভাত উপস্থিত সমল ব্যক্তিয়ে পঞ্চায়ত সভাপতি আৰু সচিব সকলক গাঁও অঞ্চলৰ লোক সকলৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক