অচিৰেই মুক্তি লাভ কৰিব হিৰোৱে

0 297

নতুন অসমীয়া ভাষাৰ চিনেমা হিৰো নিৰ্মান হৈ মুক্তিৰ বাবে সাজু হৈ উঠিছে। জনপ্ৰিয় ওটিটি প্লেটফৰ্ম ৰীলড্ৰামাৰ জৰিয়তে দৰ্শকৰ বাবে মুকলি কৰি দিবলগীয়া ‘হিৰো’ নামৰ চিনেমাখনৰ এক বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত। অহা ২৬ ফেব্ৰুৱাৰী শনিবাৰে জ্যোতি চিত্ৰবনত তিনিটা বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে । দিনৰ ২ বজা, ৪বজা আৰু ৬বজাত এই দৰ্শনীকেইটাৰ আয়োজন কৰা হৈছে। এই চিনেমাখন সম্পৰ্কত চিনেমাখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে কয় মই শ্বাহৰূখ খান হব খোজো নাটকৰ অভূতপূৰ্ব সফলতা লাভ কৰা পিছত চিত্ৰনাট্য ৰচনা কৰি নিৰ্মান কৰা হৈছে নতুন অসমীয়া ভাষাৰ চিনেমা ‘হিৰো’। চিনেমাখনৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে মহৰ্ষি তুহিন কাশ্যপ আৰু হিমাংশু প্ৰসাদ দাসে। ভাৰতৰ অন্যতম জনপ্ৰিয় ওটিটি প্লেটফৰ্ম ৰীলড্ৰামাৰ হৈ এই চিনেমাখন প্ৰযোজনা কৰিছে কুহেলী দাসগুপ্তা আৰু সুমিত দাসগুপ্তাই। চিনেমাখনৰ চিত্ৰগ্ৰহণকাৰী হৈছে চন্দ্ৰ কুমাৰ দাস আৰু সম্পাদনা কৰিছে হাৰ্দিক কাশ্যপে। আৱহ সংগীত পল্লৱ তালুকদাৰৰ। শব্দ সংযোজন ৰুক্মজিত বৰুৱাৰ।মুখ্য সহকাৰী পৰিচালক জিতুল ৰাজবংশী আৰু প্ৰযোজনা নিয়ন্ত্ৰক কমল পৰান। এই চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা চন্দন দাস আৰু অভিনেত্ৰী সন্ধ্যা হাজৰিকাই। তদুপৰি অতি গুৰুত্বপূৰ্ণ কেইবাটাও চৰিত্ৰত অভিনয় কৰিছে অসমৰ অভিনয় জগতৰ খ্যাতনামা অভিনেতা অৰুণ হাজৰিকা, জ্যোতি নাৰায়ন নাথ, অসীম কৃষ্ণ বৰুৱা, সিদ্ধাৰ্থ মুখাৰ্জী, আৰু প্ৰনামী বৰা আদিয়ে। ইয়াৰ লগতে ফনীন্দ্ৰ ভট্ট, মন্মথ বৰুৱা, কবীন্দ্ৰ দাস, ৰূপমজ্যোতি দাস, প্ৰাঞ্জল এ. শৰ্মা, গৌতম দাস, বিদ্যুত বৰা, নিৰঞ্জন শৰ্মা, নিৰঞ্জন দাস, গৌৰৱ দাস আদিৰ লগতে এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে পৰিচালক হিমাংশু প্ৰসাদ দাসে।
চিনেমাখন ৰীলড্ৰামাযোগে প্ৰদৰ্শিত হোৱাৰ পূৰ্বে অসমৰ ভিন্ন প্ৰান্তত বিশেষ ব্যৱস্থাৰে প্ৰদৰ্শনৰো দিহা কৰা হৈছে। চিনেমাখন উপভোগ কৰাৰ বাবে প্ৰযোজনা গোষ্ঠীৰ তৰফৰ পৰা দুটিকৈ ফোন নম্বৰৰ ব্যৱস্থা কৰা হৈছে। সেই নম্বৰ দুটাত যোগাযোগ কৰি দৰ্শকসকলে জ্যোতি চিত্ৰবনৰ বিশেষ দৰ্শনীৰ লগতে নিজ নিজ প্ৰান্তত চিনেমাখন উপভোগ কৰাৰ ব্যৱস্থা কৰিব পাৰিব। নম্বৰ দুটা হৈছে -7002643328 আৰু 7099576891

Leave A Reply

Your email address will not be published.