কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ দখলা কলিতাপাৰা ৰাইজ গয়ৰহে ১৯ ফেব্ৰুৱাৰীত গয়ৰহৰ খেলপথাৰত বিধায়ক হেমাংগ ঠাকৰীয়াক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি জয়ন্ত কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা আঁতধৰে সম্পাদক জগদিশ কলিতাই। সভাত হেমাংগ ঠাকুৰীয়াক ৰাইজ গয়ৰহৰ তৰফৰ পৰা এখন ফুলাম গামোচা, চেলেং চাদৰ, মানপত্ৰ, জাপিৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত বিধায়ক হেমাংগ ঠাকুৰীয়াই দখলা অঞ্চলত সৰুৰে পৰা ঘাট-প্ৰতিঘাটৰ মাজৰে ডাঙৰ হৈ আজি বিধায়ক হ’ব পাৰিছোঁ বুলি কয়। এই অঞ্চলটো বহু সমস্যাৰে জৰ্জৰিত। বিশেষকৈ খোৱা পানী সমস্যা অতি শীঘ্ৰে সমাধান কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। লগতে কলিতাপাৰা ৰাইজ গয়ৰহৰ এটি গৃহ অৰ্থৰ অভাৱত আধৰুৱা হৈ আছে সেই গৃহটি সম্পূৰ্ণ কৰিবৰ বাবে বিধায়কে ২ লাখ টকা দিয়াৰ বাবে ঘোষণা কৰে। আনহাতে ঐতিহ্যমণ্ডিত দখলা পাহাৰখন পৰ্যটন স্থলীলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে পলাশবাৰী ব্ৰহ্মপুত্ৰৰ দাতিত এখন উদ্যান নিৰ্মাণৰ বাবে আঁচনি হাতত লৈছে, এই উদ্যানখন দখলা কলিতাপাৰালৈ আহিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উক্ত অঞ্চলত বহুখিনি সমস্যা আছে পৰ্যায়ক্ৰমে সমাধান কৰি দিম বুলি ৰাইজক আশ্বাস প্ৰদান কৰে বিধায়ক ঠাকুৰীয়াই। উক্ত সভাত বিধায়কৰ মাতৃ ভাৰতী প্ৰভা ঠাকুৰীয়া, বিজেপি নেতা শিৱ প্ৰসাদ ডেকা, হিতেশ ঠাকুৰীয়া, দখলা কলিতাপাৰাৰ ৰাইজ গয়ৰহৰ জ্যেষ্ঠ ব্যক্তি গিৰিধৰ কলিতা, হৰেণ কলিতা, বীৰেণ কলিতাৰ লগতে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি মালব্য মোহন তালুকদাৰ, সম্পাদক পবিত্ৰ কুমাৰ দাস, দহালী দখলা গাঁও পঞ্চায়তৰ সদস্য হেমন্ত কলিতাসহ বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে উক্ত দিনা বিয়লী দখলা, উপৰহালী, বিজয়নগৰ শ্মশানৰ দাহন কক্ষলৈ যোৱা ৭৫ মিটাৰ দৈৰ্ঘৰ এটি উপ-পথৰ আধাৰশিলা স্থাপন কৰে। বিধায়ক পুজিৰ পৰা ৩ লাখ ৫০ হাজাৰ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উপ-পথটিৰ লগতে এখনি ফুলনিৰ উদ্যান হ`ব বুলিও জানিবলৈ দিয়ে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা