অহা ১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় কাৰাটে (পুৰুষ-মহিলা) চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ১১ জনীয়া দলটো কাইলৈ পুৱাৰ ভাগত হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় অভিমুখে ৰাওনা হ’ব । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র-কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে জানিবলৈ দিয়া মতে কাবুল দাস আৰু ভাগ্যশ্ৰী শইকীয়াৰ নেতৃত্বত কাইলৈ যাবলগীয়া দলটোত আছে ক্ৰমে চান্দনী জৈন , হিমাংশু চহৰীয়া , ভৃগু চহৰীয়া , ৰাহুল আমিন , চানী শৰ্মা , প্ৰাচুৰ্য গগৈ , চফিকুল ৰহমান , মাছুমা বেগম , নৱজ্যোতি মেচ , ৰজীৰাণী শইকীয়া আৰু জোনমণি দাস । হাৰিয়ানাৰ কুৰুক্ষেত্ৰ অভিমুখে যাত্ৰা কৰিবলগীয়া কাৰাটে দলটোৱে যাতে সুনাম কঢ়িয়াই আনিব পাৰে তাৰবাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰতাপজ্যোতি সন্দিকৈ , পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ আৰু ছাত্র -কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে আন্তৰিক শুভেচ্ছা জনাইছে ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন