সমগ্ৰ দেশৰ লগতে অসমতো পেকেজড খাদ্যৰ ব্যৱহাৰৰ সমান্তৰাল ভাৱে বৃদ্ধি পাইছে হৃদ আৰু অন্যান্য অসংক্ৰমিত ৰোগীৰ সংখ্যা। সোমবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত এক কৰ্মশালাত উপস্থিত চিকিৎসা বিশেষজ্ঞ সকলে পেকেজিং খাদ্যৰ বৰ্ধিত ব্যৱহাৰে জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰা ভাবুকিত আশংকা প্রকাশ কৰে। কৰ্মশালত উপস্থিত থাকি ৰাজ্যৰ বিশিষ্ট চিকিৎসক ডাঃ আৰ. এন. মজুমদাৰে কয়- “পেকেজিং খাদ্য অত্যধিক মাত্ৰাত খোৱা মানেই হল চেনী, নিমখ আৰু সংপৃক্ত চৰ্বি অধিক পৰিমাণে গ্ৰহণ কৰা। অধিকাংশ পেকেজিং খাদ্যত অধিক মাত্ৰাত নিমখ, চডিয়াম, সংপৃক্ত চৰ্বি আৰু পৰিশোধিত কাৰ্বহাইড্ৰেড ব্যৱহাৰ হয়। পেকেজিং ফুড ব্যৱহাৰৰ ফলত বৃদ্ধি পাইছে বহুমূত্ৰ, হাইপাৰটেনশ্যন, শৰীৰৰ ওজন বৃদ্ধি আৰু হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্যা। প্ৰতিবছৰে দেশৰ প্ৰায় ৬৭% লোক এনে ৰোগত মৃত্যু মুখত পৰে।” কৰ্মশালাত উপস্থিত থাকি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয়- “পেকেজিং ফুড ব্যবহাৰৰ ফলত আমাৰ শিশু আৰু যুৱ প্ৰজন্মৰ জীৱনৰ প্ৰতি তীব্র ভাবুকিৰ সৃষ্টি হৈছে। গ্ৰাহকে যাতে উপযুক্ত খাদ্য বাচনি কৰিব পাৰে, তাৰ বাবে পেকেজড ফুডৰ ওপৰত স্বাস্থ্য সম্বন্ধীয় সতৰ্কবাৰ্তা বাধ্যতামূলক ভাবে উল্লেখ থাকিব লাগে। এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি নিৰ্দেশনা পালন কৰা উচিত। কৰ্মশালাত অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ বিষয়াদ্বয় অনুপম গগৈ আৰু সমীৰণ বৰুৱা উপস্থিত থাকি প্ৰতিজন গ্ৰাহকে যাতে নিৰাপদ, স্বাস্থ্যসন্মত আৰু সুৰক্ষিত খাদ্য লাভ কৰে তাৰ ওপৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। পেকেজড ফুডৰ ওপৰত বাধ্যতামূলক সতৰ্ক বাৰ্তা লিখাৰ সপক্ষেও তেওঁলোকে দৃঢ় মত পোষণ কৰে। কৰ্মশালাত কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ ৰিংকি শর্মা উপস্থিত থাকি পেকেজিং ফুডৰ ভয়াবহ দিশ সমূহ তথ্য সহকাৰে উল্লেখ কৰে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী