কামৰূপৰ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপৰ ফলত স্বাধীনতাৰ ৭৫ বছৰ পিছত গুৱাহাটীৰ সমীপৰ তথা কামৰূপ জিলাৰ গড়ভাঙ্গাত কালি দুখন মধ্য ইংৰাজী বিদ্যালয়ৰ শুভ আৰম্ভ হয়। গড়ভাঙ্গা প্ৰাথমিক বিদ্যালয় আৰু ৰংমালী প্ৰাথমিক বিদ্যালয়ক উন্নীত কৰি এই দুখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰা হয়।গড়ভাঙ্গা প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডা. ৰণোজ পেগুৱে এই বিদ্যালয় দুখন উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৬ খন ৰাজহ গাওঁ থকা এই গড়ভাঙ্গা অঞ্চলত ইয়াৰ পূৰ্বে এখনো উচ্চ প্ৰাথমিক বিদ্যালয় নাছিল। আজি এই বিদ্যালয় দুখন উদ্বোধন কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে আজিৰ দিনটো গড়ভাঙ্গা বাসীৰ বাবে সচাকৈয়ে আনন্দৰ দিন। কামৰূপৰ শিক্ষা বিভাগে লোৱা বিশেষ পদক্ষেপৰ বাবে আজি গড়ভাঙ্গা বাসীয়ে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ’ল। তেওঁ এই বিদ্যালয় দুখনত ছাত্ৰ ছাত্ৰী থাকিলে এই বছৰেই অষ্টম শ্ৰেণীলৈকে নামভৰ্তি কৰাবলৈ সংশ্লিষ্ট বিদ্যালয় দুখনৰ প্ৰধান শিক্ষকক পৰামৰ্শ দিয়ে। তেওঁ কয় যে চৰকাৰে গড়ভাঙ্গা অঞ্চলত অচিৰেই হাইস্কুল স্থাপনৰ ব্যৱস্থা কৰি আছে। উল্লেখযোগ্য যে বৰ্তমানৰ কামৰূপৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ২০১৯ চনত এক শিক্ষা সংযোগ কাৰ্যসূচী লৈ গড়ভাঙ্গা অঞ্চলৰ শৈক্ষিক জৰীপ কৰি ২০২০ চনৰ জানুৱাৰী মাহত চৰকাৰক এক প্ৰতিবেদন দাখিল কৰি গড়ভাঙ্গা অঞ্চলত কমেও দুখন উচ্চ প্ৰাথমিক স্কুল স্থাপনৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পিছত শিক্ষা বিষয়া গৰাকীয়ে সমগ্ৰ শিক্ষা,অসমৰ মিছন সঞ্চালক আৰু কামৰূপৰ উপায়ুক্তক গড়ভাঙ্গা অঞ্চললৈ নি অঞ্চলটোৰ শৈক্ষিক পৰিৱেশৰ বিষয়ে অৱগত কৰে। বিষয়াগৰাকীৰ এনে নিৰলস প্ৰয়াসৰ ফলত গড়ভাঙ্গাই দুখনকৈ উচ্চ প্ৰাথমিক বিদ্যালয় পাবলৈ সক্ষম হয়। ইতিমধ্যে বিদ্যালয় দুখনৰ অতিৰিক্ত তিনিটাকৈ শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে প্ৰতি খন বিদ্যালয়ক সমগ্ৰ শিক্ষা ,অসমৰ পৰা ১৯ লাখ ৮৫ হাজাৰকৈ টকাৰ অনুমোদন দিয়া হৈছে। আজি শিক্ষা মন্ত্ৰী গৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা শ্ৰেণীকোঠাৰো লাইখুটা স্থাপন কৰে। সভাত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই বিশিষ্ট অতিথি হিচাপে ভাষণ দি গড়ভাঙ্গা অঞ্চলৰ উন্নয়নৰ বাবে তেওঁ লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। সভাত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষাৰ অতিৰিক্ত সঞ্চালক নৃপেন দাস, কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ৰাণীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী, বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য উপস্থিত থাকে। সভাত ভাষণ দি কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে কয় যে গড়ভাঙ্গা অঞ্চলত পৰ্যটনৰ বাবে ভাল আঁচনি লব পাৰি। যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ লগে লগে গড়ভাঙ্গাৰ উন্নয়নৰ পথ অধিক প্ৰশস্ত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। সভাত সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আচনি বিষয়া ক্ৰমে ফুলপাহি নাথ, চুইটী বেজবৰুৱা উপস্থিত থাকে।সভাৰ আঁত ধৰে জলী ভট্টাচাৰ্য ই। অনুষ্ঠানত গড়ভাঙ্গা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত ৰাণী শিক্ষাখণ্ডৰ তৰফৰ পৰাও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। সামৰণি শলাগৰ শৰাই আগবঢ়াই সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আচনি বিষয়া চুইটী বেজবৰুৱাই।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি