কামৰূপ জিলাৰ বঙৰাৰ সমীপৰ ডাঙৰ কৈটাসিদ্ধি ৰাইজ গয়ৰহে পৰম্পৰাগত উদযাপন কৰি অহা তথা এইবেলি ৭৩ তম্ বৰ্ষত পদাৰ্পণ কৰা সুঁৱৰি উৎসৱটি আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে “শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰ” প্ৰাঙ্গণত অনুষ্ঠিত হয়। আজি পুৱা ৫ বজাত ঊষা কীৰ্তন পৰিচালনা কৰে সত্ৰাধিকাৰ ৰজনীকান্ত নাথে। ৮ বজাত গোসাঁই স্থাপন, দিনৰ ১১ বজাত ধৰ্মধ্বজা উত্তোলন কৰে প্ৰবীণ নাথ শাস্ত্ৰীয়ে। ১২ বজাত সুঁৱৰি উৎসৱৰ মঞ্চ মুকলি কৰে অসম সত্ৰ মহাসভাৰ উপ- সভাপতি অখিল মহন্তই। ১২:৩০ বজাত বন্তি প্ৰজ্বলন কৰে নবীন নাথে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মা, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক গৌৰীকান্ত নাথ, বঙৰা শ্রী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় প্ৰদীপ তালুকদাৰ আৰু গজেন বড়ো, বংশীধৰ নাথ, প্ৰবীণ নাথ, সুৰেণ চন্দ্র নাথ, ৰাজেন দাসে অংশ লয় । গয়ৰহৰ সভাপতি প্ৰদীপ চন্দ্র নাথ, সম্পাদক ৰত্নেশ্বৰ নাথে নিয়াৰিকৈ সভাৰ আঁত ধৰে। ইয়াৰ পিচতে সুঁৱৰি উৎসৱ আৰম্ভ হয়। “শ্যামন্তক হৰণ” নাটকৰ মাজেদি কৃষ্ণ-বলোৰাম, বাৰগোপাল, নন্দ-যশোদা, নাৰদ, গোপিনী, জয়-বিজয় আদি চৰিত্ৰত বৰ সাবলীল উপস্থাপনেৰে ডাঙৰ কৈটাসিদ্ধিৰ আকাশ -বতাহ দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেশিত হৈ পৰে। অতি নিপুণ ধৰণেৰে নাট পৰিচালনা কৰে প্ৰাণেশ্বৰ নাথে, দল পৰিচালনা ললিত নাথৰ। নিশা ১০ বজাত “যুগান্তৰ নাট্য দল” ৰ দ্বাৰা যাত্রাভিনয় প্ৰদৰ্শন কৰা হয়। কাইলৈ ২০ এপ্রিলৰ পুৱা ৮বজাত প্ৰসাদ বিতৰণ, আবেলি ২বজাত শ্রীশ্রী চতুর্ভুজ গোসাঁই লৈ শোভাযাত্রা, নিশা ৯ বজাত প্ৰসাদ বিতৰণ কৰা হ’ব।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon