কামৰূপ মহানগৰ জিলা সাহিত্য সভা উদ্যোগত অহা ২০ এপ্ৰিলৰ বিয়লি ৩ বজাৰ পৰা অসম সাহিত্য সভাৰ সাধুকথাক জনপ্ৰিয় কৰাৰ অভিলাসী আঁচনিৰ অংশ হিচাপে অসম সাহিত্য সভাৰ সাধু শুনো অনুষ্ঠান আয়োজন কৰা হৈছে।পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠান আৰু বৃহত্তৰ বামুনীমৈদাম শাখা সাহিত্য সভা সহযোগত গুৱাহাটীৰ বামুণীমৈদাম স্থিত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠান সভাকক্ষত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভা সভাপতি ড° কুলধৰ শইকীয়া আৰু বিশিষ্ট অতিথি হিচাপে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা,লেখিকা-সাংবাদিক মাইনী মহন্ত,সাংবাদিক স্নিগ্ধাশিখা, কে চি বৰা,কামৰূপ মহানগৰ জিলা সাহিত্য সভা সভাপতি দাসো কলিতা উপস্থিত থাকিব।প্ৰতিষ্ঠানৰ অধ্যক্ষ ড° মধুমিতা কলিতাই আদৰণি ভাষণ দিব লগা উক্ত অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী সাক্ষী প্ৰিয়ম্বদা,নম্ৰতা ৰাভা,গুৰুকুল গ্ৰামাৰ ছিনিয়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী নির্মিতা ভট্টাচাৰ্য আৰু পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠানৰ ছাত্ৰী ৰিমি টায়ে,অংকিতা গগৈ আৰু তুলিকা মেৰিয়ে ভিন্ন নৃগোষ্ঠীয় সাধুকথা পৰিবেশন কৰিব।উক্ত অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক দীপাংকৰ ৰায়মেধি,বৃহত্তৰ বামুণীমৈদাম শাখা সভাৰ সভাপতি হৰিচৰণ মালিয়ে কামনা কৰিছে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon