‘নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্ট’ (এন চি এল পি)ৰ অন্তৰ্গত প্ৰিয়বন্ধু, গণবন্ধু, সুন্দৰম, শৰাইঘাট, আমাৰ প্ৰয়াস আদি বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে কামৰূপ মহানগৰ জিলাত শিশু শ্ৰমিকসকলৰ কল্যাণৰ হকে চলাই থকা কাম-কাজৰ ওপৰত আলোচনা কৰিবলৈ আজি উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনামূলক সভা অনুষ্ঠিত কৰা হয়। সভাত জিলাখনত ‘এন চি এল পি’ৰ অন্তৰ্গত বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে চলাই থকা কাম-কাজৰ বিষয়ে আলোচনা কৰাৰ পিছত উপায়ুক্তগৰাকীয়ে জিলা শ্ৰম বিষয়া, সমাজ কল্যাণ বিষয়াক প্ৰত্যেক বেচৰকাৰী সংস্থাৰ কেন্দ্ৰসমূহলৈ গৈ ক্ষেত্ৰ অধ্যয়নৰ পিছত মাহিলি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে উপায়ুক্তগৰাকীয়ে কামাখ্যা মন্দিৰ প্ৰাঙ্গনত শিশুসকলে চলাই থকা ‘ভিক্ষা বৃত্তি’ৰ অৱসান পেলাই শিশুসকলক পঢ়া-শুনাৰ প্ৰতি আকৃষ্ট কৰিবলৈ সমাজ কল্যাণ আৰু শ্ৰম বিষয়াক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। শিশুসকলৰ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তগৰাকীয়ে ‘নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্ট’ৰ অন্তৰ্গত চলাই থকা শিশুৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহত জিলা শিক্ষা বিষয়া প্ৰসন্ন বৰুৱাক কিতাপ-পত্ৰ যোগান ধৰাৰ ব্যৱস্থা ল’বলৈ অনুৰোধ কৰে। সহকাৰী আয়ুক্ত ৰিমঝিম কোঁৱৰ, সহকাৰী শ্ৰম আয়ুক্ত, নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্ট (কামৰূপ মহানগৰ)ৰ সঞ্চালক মৌচুমী মহন্ত তথা নিয়োজিত আন আন বিষয়া-বৰ্গ, বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিৰ উপৰি শিক্ষা, সমাজ কল্যাণ, শ্ৰম আদি বিভাগৰ মূৰব্বী বিষয়াসকল এই সভাত উপস্থিত থাকে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ