বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত এতিয়া সকলোৱে আগমন কক্ষৰ ভিতৰৰ পৰা আদৰি আনিব পাৰিব নিজ-নিজ যাত্ৰীক। সূত্ৰ অনুসৰি, বিমানকোঠ কতৃপক্ষই, আগমন কক্ষৰ ভিতৰত এখন ‘মীট এণ্ড গ্ৰীত’ এলেকাৰ সৃষ্টি কৰিছে য’ত সকলোৱে গৈ নিজ-নিজ যাত্ৰীৰ বাবে অপেক্ষা কৰিব পাৰিব। মাত্ৰ তাৰ বাবে ২ নম্বৰ প্ৰস্থান গেটৰ ওচৰত থকা টাৰ্মিনেল মেনেজাৰৰ অফিচৰ লগতে লাগি থকা টিকট কাউন্টাৰৰ পৰা এটা টিকট ক্ৰয় কৰি ল’ব লাগিব। উল্লেখযোগ্য যে, উক্ত এলেকাটোত অতি কমেও ১২৩ জন লোক বঢ়িব পৰা ব্যৱস্থা কৰা হৈছে। এই সেৱা সপ্তাহত ৭ দিন আৰু ২৪ ঘন্টাই অব্যাহত থাকিব। টিকটৰ মূল্য প্ৰতি ৩ ঘন্টাৰ বাবে মাত্ৰ ৮০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। ৫ বছৰতকৈ তলৰ শিশুৰ বাবে প্ৰৱেশ অৱশ্যেই বিনামূলীয়া। এই সেৱা সকলোৰে বাবে ফলপ্ৰসূ হ’ব বুলি বিমানকোঠ কতৃপক্ষই জানিবলৈ দিয়ে।
Trending
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান