মহানগৰীৰ যানবাহন কৰ অনাদায়কাৰী চাৰিকুৰিৰো অধিক বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থাৰ লগতে ব্যক্তিগত আৰু ব্যৱসায়িক যান-বাহনৰ মালিকৰ ঘৰে ঘৰে মঙলবাৰে সোমাল পৰিবহণ বিভাগৰ দল। সময়মতে যান-বাহন কৰ আদায় নিদিয়াৰ ফলত কোনো মালিক-প্ৰতিষ্ঠানেই যাতে অধিক কৰৰ বোজা বহন কৰি সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে প্ৰথমৰ পৰাই বিভাগৰ বিষয়া-কৰ্মীসকলক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। প্ৰয়োজন হ’লে ঘৰে ঘৰে গৈ হ’লেও যান-বাহন ব্যৱহাৰকাৰীক এই সন্দৰ্ভত সজাগ কৰি সহযোগিতা আগবঢ়াবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে জনোৱা আহ্বানত বিভাগৰ দলে যোৱা দিনবোৰত অভিযান অব্যাহত ৰাখিছে। সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ দায়িত্ববাহী গৌতম দাসৰ তত্বাৱধানত যানবাহন পৰিদৰ্শক কানাই মহন্ত আৰু কাৰ্যালয় সহযোগী সিদ্ধেশ্বৰ ৰাংহাঙে মঙলবাৰে পল্টন বজাৰ, বিৰুবাৰী, ৰিহাবাৰী, ভঙাগড়ৰ বৃহৎ অঞ্চলৰ কৰ অনাদায়ীক ৮৯খন ডিমাণ্ড নটিছ প্ৰেৰণ কৰি সময়মতে যানবাহনৰ বকেয়াসহ সকলো কৰ আদায়ৰ আহ্বান জনায় । উল্লেখ্য যে এই ৮৯খন জাননীৰ বিপৰীতে কৰ অনাদায়কাৰী সকলে বকেয়াসহ ডেৰ কোটিৰো অধিক টকাৰ যান-বাহন কৰ আদায় দিবলৈ আছে পৰিবহণ বিভাগক৷
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী