শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সোণাই নেপালী প্ৰাথমিক বিদ্যালয়ত আজি ” দাপোণ ” শীৰ্ষক এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাঞ্জল বৰাই । উন্মোচনী ভাষণত বৰাই কয় যে বিদ্যালয় ত প্ৰাচীৰ পত্ৰিকা এখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । প্ৰাচীৰ পত্ৰিকাৰ যোগেদি শিক্ষাৰ্থীৰ বিদ্যায়তনিক দিশৰ সুস্থ বিকাশ সম্ভৱ হয় । অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সাৱিত্ৰী দেৱী, সহকাৰী শিক্ষয়িত্ৰী জোনামণি দাসৰ লগতে ছাত্ৰ-ছাত্ৰী, ৰাইজ উপস্থিত থাকে ।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান