সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনৰ জনসাধাৰণলৈ গোঁহাৰি

0 221

সম্প্ৰতিক বান তথা বৰ্ষা ঋতুৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনৰ সাহাৰ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা শাখাই জনসাধাৰণৰ সাৱধানতাৰ উদ্যেশ্যেৰে এক পৰামৰ্শমূলক গোঁহাৰিৰে এই সময়ত কৰণীয় অথবা অকৰণীয় কেতবোৰ বিষয় জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰচাৰৰ ব্যৱস্থা কৰি জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
সেই অনুসৰি বানপানীৰ সময়ত নৈ বা বোৱতী সুঁতি পাৰ হোৱাৰ পৰা বিৰত থকা, বানপানী কৱলিত জলাশয়ত মৎস চিকাৰৰ পৰা বিৰত থকা, বানপানীত ডুবি থকা ট্ৰান্সফৰ্মাৰ, বৈদ্যুৎতিক খুটা, তাঁৰ ইত্যাদিৰ পৰা আতৰত থকা, বানৰ সময়ত কণ কণ লৰা-ছোৱালীক খেলাৰ পৰা বিৰত ৰখা, সৰু লৰা-ছোৱালীক যিকোনো জলাশয়ৰ ওচৰলৈ যাবলৈ নিদিয়া ইত্যাদি সাৱধনতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে। তদুপৰি পানীত পৰা ব্যক্তিৰ উদ্ধাৰৰ ক্ষেত্ৰত পাকৈত ব্যক্তিৰ সহায় লৈ উদ্ধাৰ, চলন্ত তথা যাত্ৰীবাহী নাৱত কঠোৰ সাৱধানতা বজায় ৰখা ইত্যাদিৰ দিশত জনসাধাৰণক সচেতন হোৱাৰ বাবে আহ্বান জনোৱা হৈছে। যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ উদ্ভৱ হলে জিলা প্ৰশাসনৰ নিঃশুল্ক (ট্ৰোল ফ্ৰি) নম্বৰ ০৩৬১-১০৭৭ আৰু ৯৬৭৮৪-৭১০৭১ নম্বৰত তৎকালীনভাৱে যোগাযোগ কৰাৰ বাবেও জিলা প্ৰশাসনে আহ্বান জনাইছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.