Act East Policy Affairs Department উদ্যোগত ‘Act East through Northeast’ শীৰ্ষক Act east সন্মিলন শুক্ৰবাৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বহুত সম্ভাৱনা লুকাই আছে। এই সম্ভাৱনাক সঠিক ৰূপত কামত খটুৱাবৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱা ৬-৭ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হৈছে। অনুষ্ঠানত ভাষণ দি উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কয় যে চৰকাৰে পথ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে যথেষ্ট মনোযোগ দি আহিছে। । অনুষ্ঠানত ভাষণ দি ছিংগাপুৰ উচ্চ আয়ুক্ত ( High Commissioner) ছিমন ৱং( Simon wong) কয় “অসমত বিনিয়োগ কৰাৰ বাবে আমি ক্ষেত্ৰ গৱেষণা কৰিছো। এই গৱেষণাৰ দ্বাৰা এটা কথা জানিব পৰা গৈছে যে অসমত act east policy ৰূপায়ণ কৰাৰ বাবে যথেষ্ট সম্ভাৱনা আছে। অনুষ্ঠানত FICCI উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ, মুখ্য সচিব জিষ্ণু বৰুৱা, প্ৰধানমন্ত্ৰী অৰ্থনীতি উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সৈনলা( Sanyal) আদিয়ে ভাষণ প্ৰদান কৰে।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক