মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ৰাণী চাপৰিত কৃষকৰ পানী যোগানৰ সুবিধাৰ বাবে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ জৰিয়তে স্থাপন কৰা হৈছে ৩৫ টা সৌৰশক্তি চালিত অগভীৰ নলীনাদ।৪ জুনত একেলগে নলীনাদ সমূহ উদ্বোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । জলসিঞ্চন বিভাগৰ পশ্চিম গুৱাহাটী-পলাশবাৰী সংমণ্ডলৰ দ্বাৰা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ( প্ৰথম পৰ্যায় ) অধীনত কাৰ্যকৰী কৰা ৩৫ টা সৌৰশক্তি চালিত অগভীৰ নলীনাদ উদ্বোধন কৰি বিধায়ক কলিতাই ৰাণী চাপৰি কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে পৰ্যায় ক্ৰমে বিভিন্ন আঁচনি গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। এই উপলক্ষে জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তা ময়ুৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পশ্চিম গুৱাহাটী সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিলাক্ষী দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত জলসিঞ্চন বিভাগৰ পশ্চিম গুৱাহাটী -পলাশবাৰী সংমণ্ডলৰ কেবাজনো অভিযন্তা – বিষয়া আৰু ৰাণী চাপৰিৰ কৃষকসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ৬.৬৬ লাখ টকাৰে নিৰ্মিত প্ৰতিটো আঁচনিৰ পাম্প ক্ষমতা ৩ অশ্বশক্তি আৰু প্ৰতিটোৱে ৪ হেক্টৰ মাটিত পানী যোগান ধৰিব পাৰিব।
Trending
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা