গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত ৫ জুনত বিশ্ববিদ্যালয় চৌহদত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ডাঃ ৰঞ্জন কুমাৰ কাকতিয়ে ৰঙা চন্দনৰ গছপুলি ৰোপনেৰে এক অভিযান আৰম্ভ কৰি ড০ কাকতিয়ে তেওঁৰ ভাষণত এইবাৰৰ বিষয়বস্তু “কেৱল এখন পৃথিৱী” উল্লেখ কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। পৃথিৱীখনেই একমাত্ৰ গ্ৰহ য’ত আমি বাস কৰো আৰু আমি ইয়াক ৰক্ষা কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। লগতে এন এছ এছৰ কাৰ্য্যসূচী বিষয়া ড০ ঋতুপৰ্ণ বৰা, স্নাতকোত্তৰ ছাত্ৰাসন্থাৰ সভাপতি হেমেন কলিতা, সাধাৰণ সম্পাদক বিকি শৰ্মাই বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্ব আৰু গুৱাহাটী বিশ্ববিদ্যালয় চৌহদক প্লাষ্টিক মুক্ত বিশ্ববিদ্যালয় গঢ়ি তোলাৰ বাবে আহ্বান জনায় । এন এছ এছৰ স্বেচ্ছাসেৱক, গৱেষক ছাত্ৰ, সমূহ হোষ্টেল আবাসী মিলি বিভিন্ন হোষ্টেল চৌহদত প্ৰায় ২০০ জোপা কৃষ্ণচূড়া, চন্দন, বকুল, শেৱালি, নিমৰ পুলি ৰোপণ কৰে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ