মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ দালাই লামাৰ আৰ্থিক সাহাৰ্য

0 187

ৰাজ্যত এতিয়া বানৰ বিভীষিকাময় পৰিবেশ!বানৰ কৱলত পৰি সহস্ৰজনে এমুঠি ভাত আৰু এটোপাল খোৱাপানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে । বন্যাৰ্তৰ সকলৰ সহায়ৰ বাবে বিভিন্ন জন আগবাঢ়ি আহিছে। তাৰ মাজতে তীব্বতৰ ধৰ্মগুৰু দালাই লামাই অসমৰ বন্যৰ্ত সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে।

ধৰ্মগুৰু গৰাকীৰ গাডেন ফোডৰাং ট্ৰাষ্ট অৱ দ্য দালাই লামাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 10 লাখ টকা আগবঢ়াইছে।
দালাই লামাই আগবঢ়োৱা এই আৰ্থিক সাহাৰ্য বাবে তীব্বতী ধৰ্মগুৰুগৰাকীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.