গুৱাহাটী বিশ্ববিদ্যালয়ত কাউন্সিল ফৰ টিচাৰ এডুকেচন ফাউণ্ডেশ্যন (চিটিইএফ) আৰু বিশ্ববিদ্যালয়ৰ এনএছএছ কোষৰ উদ্যোগত ২৬ জুনত দিনজোৰা কাৰ্যসূচীৰে ফণীধৰ দত্ত প্ৰেক্ষাগৃহত “দেশ প্ৰথম : যুৱ আহ্বান কৰা” শীৰ্ষক এক যুৱ সন্মিলন সম্পন্ন হয় ।মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মাননীয় ৰাজ্যপাল আৰু বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখী ডাঙৰীয়াই কয় যে যুৱক-যুৱতী দেশৰ নিৰ্মাতা আৰু আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ জৰিয়তে যুৱক-যুৱতীসকল আত্মনিৰ্ভৰশীল হোৱাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। দেশ গঠনৰ বাবে প্ৰতিজন যুৱকৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ আৰু ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে এন এছ এছ স্বেচ্ছাসেৱক আৰু এন চি চি ৰ সদস্যসকলে আমাৰ সমাজত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা উচিত আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱনমূলক ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ।বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে ভাষণ প্ৰসংগত কয় যে যুৱক-যুৱতী হৈছে আমাৰ দেশৰ ভৱিষ্যত আৰু যুৱক-যুৱতীয়ে জাতি গঠনত এক বৃহৎ ভূমিকা পালন কৰে আৰু দেশৰ বিকাশ আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰে। অধ্যাপক সন্দিকৈয়ে এন এছ এছৰ স্বেচ্ছাসেৱক আৰু কাৰ্যসূচী বিষয়াসকলৰ সমাজ আৰু জাতিলৈ আগবঢ়োৱা অৱদানৰ শলাগ লয়। সন্মানীয় অতিথি হিচাপে NERAMAC ৰ পৰিচালক সঞ্চালক আৰু নেডফিৰ উপদেষ্টা আৰু পৰামৰ্শদাতা মনোজ কুমাৰ দাসে এজন উদ্যোগী হোৱাৰ সম্ভাৱ্য সুবিধাসমূহ ব্যাখ্যা কৰাৰ লগতে এন এছ এছৰ স্বেচ্ছাসেৱকসকলৰ বাবে উপকাৰী হ’ব পৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে চিটিইএফৰ অধ্যক্ষ অধ্যাপক নিলিমা ভগাবতীয়ে অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই কয় যে ছাত্ৰ সমাজৰ অধিক স্বাৰ্থৰ বাবে চিটিইএফে জ্ঞানভিত্তিক কাৰ্যসূচীৰ ওপৰত কাম কৰি আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যান সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে শলাগৰ শৰাই জ্ঞাপন কৰি এই সন্মিলনীৰ বাবে সকলোকে ধন্যবাদ জনায় । উক্ত সন্মিলনত চাৰিজন সফল উদ্যোগী শ্ৰী মনোজ কুমাৰ বসুমতাৰী, আকাশ জ্যোতি গগৈ, কৃষ্ণকান্ত বৰা, দেৱজিৎ বৰ্মনে সফল উদ্যোগী হ’বলৈ কেনেকুৱা গুণৰ অধিকাৰী হোৱাটো দৰকাৰ সেই বিষয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যাখ্যা কৰে। উক্ত সন্মিলনত অসমৰ ৰাজ্যপালে জাতি আৰু সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এন এছ এছৰ কাৰ্যসূচী বিষয়া আৰু স্বেচ্ছাসেৱকসকলক বিশ্ববিদ্যালয় পৰ্যায়ৰ এন এছ এছ বঁটা প্ৰদান কৰে। যুৱ সন্মিলনখনত বিভিন্ন মহাবিদ্যালয়ৰ এন এছ এছ বিষয়া ,অধ্যক্ষ আৰু স্বেচ্ছাসেৱক মিলি প্ৰায় ৩০০ জনে অংশগ্ৰহণ কৰে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ