আজি ৩০ জুনত অগ্ৰদূত ভৱনৰ সভাকক্ষত বিশাল প্ৰকাশনৰ পৰা প্ৰকাশিত গোপাল জালানৰ দশম খন গ্ৰন্থ ইতিবাচক উন্মোচন কৰে বিশিষ্ট সাহিত্যিক,সাংবাদিক কনকসেন ডেকাই।গ্ৰন্থ উন্মোচন কৰি শ্ৰীডেকাই কয় যে গোপাল জালানে অসমীয়া ভাষা সাহিত্যলৈ যথেষ্ট বৰঙণি আগবঢ়াই আহিছে।জালানৰ লিখনি সমূহ চুটি আৰু সহজ সৰল ভাষাত লিখা বাবে সকলোধৰণৰ পঢ়ুৱৈ আকোৱালি ল’ব পাৰে।ইতিবাচক গ্ৰন্থ খনত যিবোৰ বিষয় বিশ্লেষণ কৰা হৈছে প্ৰতিটো প্ৰবন্ধ সাম্প্ৰতিক সমাজত বহল ভাবে প্ৰচাৰ হৈ থকা ঘটনাৰাজিৰ ওপৰত সামাজিক,শৈক্ষিক,ৰাজনৈতিক,ন্যায়িক আদিৰ ওপৰত সুন্দৰ ভাবে উপস্থাপন কৰিছে।গ্ৰন্থখনত ৰাজ্যৰ ওপৰিও সৰ্বভাৰতীয় বিষয় সমূহো উপস্থাপন কৰি প্ৰতিটো প্ৰবন্ধৰে একোটা উদ্যেশ্য নিহিত হৈ আছে।অনাগত দিনত গোপাল জালানৰ কলম অক্ষুন্ন থাকক বুলি কনকসেন ডেকাই আশা প্ৰকাশ কৰে।গ্ৰন্থখনৰ প্ৰকাশক ব্ৰজেন্দ্ৰ নাথ ডেকাই আঁতধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দয়ানন্দ পাঠক উপস্থিত থাকি গোপাল জালানৰ লিখনি সমূহ চিনাকি বিষয়।সমালোচনা বিদ্ৰোহ আদিৰ উৰ্দ্ধত থাকি ইতিবাচক চিন্তাৰে চৰকাৰ বা ৰাইজে কি ধৰণে ইতিবাচক চিন্তাৰে আগবাঢ়িব পাৰি লিখনি সমূহত তাৰে বহিপ্ৰকাশ ঘটিছে।বৰ্তমান সমাজখনত নেতিবাচক চিন্তাবোৰ পৰিত্যাগ কৰি ইতিবাচক চিন্তাৰে আগবাঢ়িলৈ সকলোৰে মঙ্গল।সভাত লেখক গোপাল জালানে ইতিবাচক গ্ৰন্থখন পঢ়ুৱৈ ৰাইজে আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন