আজি ৩০ জুনত অগ্ৰদূত ভৱনৰ সভাকক্ষত বিশাল প্ৰকাশনৰ পৰা প্ৰকাশিত গোপাল জালানৰ দশম খন গ্ৰন্থ ইতিবাচক উন্মোচন কৰে বিশিষ্ট সাহিত্যিক,সাংবাদিক কনকসেন ডেকাই।গ্ৰন্থ উন্মোচন কৰি শ্ৰীডেকাই কয় যে গোপাল জালানে অসমীয়া ভাষা সাহিত্যলৈ যথেষ্ট বৰঙণি আগবঢ়াই আহিছে।জালানৰ লিখনি সমূহ চুটি আৰু সহজ সৰল ভাষাত লিখা বাবে সকলোধৰণৰ পঢ়ুৱৈ আকোৱালি ল’ব পাৰে।ইতিবাচক গ্ৰন্থ খনত যিবোৰ বিষয় বিশ্লেষণ কৰা হৈছে প্ৰতিটো প্ৰবন্ধ সাম্প্ৰতিক সমাজত বহল ভাবে প্ৰচাৰ হৈ থকা ঘটনাৰাজিৰ ওপৰত সামাজিক,শৈক্ষিক,ৰাজনৈতিক,ন্যায়িক আদিৰ ওপৰত সুন্দৰ ভাবে উপস্থাপন কৰিছে।গ্ৰন্থখনত ৰাজ্যৰ ওপৰিও সৰ্বভাৰতীয় বিষয় সমূহো উপস্থাপন কৰি প্ৰতিটো প্ৰবন্ধৰে একোটা উদ্যেশ্য নিহিত হৈ আছে।অনাগত দিনত গোপাল জালানৰ কলম অক্ষুন্ন থাকক বুলি কনকসেন ডেকাই আশা প্ৰকাশ কৰে।গ্ৰন্থখনৰ প্ৰকাশক ব্ৰজেন্দ্ৰ নাথ ডেকাই আঁতধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দয়ানন্দ পাঠক উপস্থিত থাকি গোপাল জালানৰ লিখনি সমূহ চিনাকি বিষয়।সমালোচনা বিদ্ৰোহ আদিৰ উৰ্দ্ধত থাকি ইতিবাচক চিন্তাৰে চৰকাৰ বা ৰাইজে কি ধৰণে ইতিবাচক চিন্তাৰে আগবাঢ়িব পাৰি লিখনি সমূহত তাৰে বহিপ্ৰকাশ ঘটিছে।বৰ্তমান সমাজখনত নেতিবাচক চিন্তাবোৰ পৰিত্যাগ কৰি ইতিবাচক চিন্তাৰে আগবাঢ়িলৈ সকলোৰে মঙ্গল।সভাত লেখক গোপাল জালানে ইতিবাচক গ্ৰন্থখন পঢ়ুৱৈ ৰাইজে আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ