গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক নং ৱাৰ্ডস্থিত আৰু শতিকা পুৰণি পশ্চিম জালুকবাৰী খানামুখ খেলবাসীৰ খানামুখ ৰাজহুৱা নামঘৰটো সম্প্ৰতি ব্যৱহাৰৰ অনুপযোগী হোৱা বাবে খেলবাসীয়ে দান বৰঙনি আৰু শুভাকাংখী ব্যক্তিয়ে আগবঢ়োৱা ধনেৰে পুনঃ নিৰ্মাণ কৰি নতুন ৰূপ দিযাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে আজি পুৱা পশ্চিম জালুকবাৰী খানামুখ ৰাজহুৱা নামঘৰৰ পুনঃ নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয় । উপস্থিত আয়তীৰ উৰুলি আৰু মাংগলিক কাৰ্যৰ মাজেৰে পুনঃ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে নামঘৰ পৰিচালনা কমিটিৰ মুখ্য সাধাৰণ সম্পাদক চন্দন কলিতাই আঁত ধৰা চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় – অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি হল নামঘৰ সমূহ । এই নামঘৰ সমূহে অসমৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ৰাইজৰ মাজত শান্তি, সম্প্ৰতি,একতাৰ ভাব বৃদ্ধি কৰি সমাজখনক শৃংখলিত কৰি ৰাখিছে । আনহাতে নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি তথা মহেশ্বৰী ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী নন্দ কিশোৰ মহেশ্বৰী , এছ টি ডি ব্ৰিকছৰ স্বত্বাধিকাৰী বিকি দাস ,খানামুখ শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি বলেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়া,উপ সভাপতি কমলা কলিতা , খানামুখ ৰূপকোঁৱৰ হাউছিং কমপ্লেক্স কমিটিৰ সভাপতি কমলাকান্ত দাস ,সাধাৰণ সম্পাদক অমিয় কলিতা,খানামুখ কেহেৰুৱাৰী খেলৰ সভাপতি কনক চন্দ্ৰ বৈশ্য , জ্যেষ্ঠ নাগৰিক শাৰদা কলিতা , নামঘৰ নিৰ্মাণ কমিটিৰ সম্পাদক সনাতন বৰুৱাকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু পুৰুষ – মহিলা নিৰ্বিশেষে শতাধিক লোক উপস্থিত থাকে । উল্লেখযোগ্য যে নামঘৰৰ পুনঃ নিৰ্মাণৰ বাবে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা ২.৫০ লাখ টকা আগবঢ়াইছে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ