গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ ( কে ভি কে ) , কামৰূপৰ উদ্যোগত বানপানীৰ পাছত লবলগীয়া ব্যৱস্থাপনাৰ অংশস্বৰূপে কামৰূপ জিলাৰ কমলপুৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত জালিমুৰা আৰু পিয়লিখাটাত ৩ জুলাইত এটা পশুধন স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয় । বিশেষকৈ শেহতীয়া বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে চিহ্নিত জালিমুৰা আৰু পিয়লিখাটা গাঁৱত কে ভি কে আৰু কমলপুৰ খণ্ড পশুধন চিকিৎসালয়ৰ উদ্যোগত অনুষ্ঠিত শিবিৰত পিয়লিখাটা আৰু জালিমুৰা গাঁৱত ক্ৰমে ৩২১ টা পশুধন তথা ৯৬৬ টা হাঁহ-কুকুৰাৰ আৰু ২৫৫ টা পশুধন তথা ১২৪০ টা হাঁহ-কুকুৰাৰ চিকিৎসা প্ৰদান কৰা হয় আৰু লগতে ঔষধ আৰু পৰিপূৰক যোগান ধৰা হয়। শিৱিৰত ভালেসংখ্যক পশুধন বিষাক্ত পাৰ্থেনিয়ামৰ দ্বাৰা আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। বানপানীৰ সময়চোৱাত ওখ অঞ্চলসমূহো জলমগ্ন হোৱাৰ পৰিপ্ৰেক্ষিতত পশুসমূহ গৰাকীৰ সৈতে অস্থায়ী আশ্ৰয় শিৱিৰত থাকিব লগা হয়। দানা আৰু খাদ্যৰ অভাৱত পশুসমূহে পাৰ্থেনিয়াম খোৱাৰ প্ৰভাৱ এই শিৱিৰত স্পষ্টভাৱে পৰিলক্ষিত হয়। ভৱিষ্যতে পাৰ্থেনিয়ামৰ ফলত হ’ব পৰা বিষক্ৰিয়াৰ পৰিত্ৰাণৰ বাবে পাৰ্থেনিয়াম সজাগতা সভাৰ আয়োজন কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ পশু বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ ইলাক্ষী ডেকা আৰু কমলপুৰ খণ্ড পশুপালন বিষয়া ড০ অনিল কুমাৰ চৌধুৰীয়ে পাৰ্থেনিয়ামৰ বিষক্ৰিয়া, লক্ষণ আৰু চিকিৎসাৰ ওপৰত আলোকপাত কৰে। শিবিৰত বিজেপিৰ কমলপুৰ মণ্ডলৰ সভাপতি কুমুদ কাকতিকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন