বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ ঈদ – উজ – আজহা উপলক্ষে অহা ১০ জুলাইত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত সমূহীয়া নামাজ অনুষ্ঠিত হব।আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী ঈদগাহ ময়দানতো কভিডৰ বাবে দুবছৰ বিৰতিৰ অন্তত অনুষ্ঠিত হবলগীয়া”ঈদ – উজ – আজহাৰ সমূহীয়া নামাজ উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । জালুকবাৰী ঈদগাহ কমিটিৰ সভাপতি আলহাজ ইব্ৰাহিম আলী , কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহ , সাধাৰণ সম্পাদক আবুল আলী , কোষাধ্যক্ষ নাছেম আলীয়ে এটা বিবৃতিত সিদিনা পুৱা ৭.৪৫ বজাত জালুকবাৰী ঈদগাহ ময়দানত অনুষ্ঠিত লবলগীয়া সমুহীয়া নামাজত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনাইছে । সমূহীয়া নামাজত ইমামতি কৰিব এক নং উত্তৰ জালুকবাৰী জামে মছজিদৰ ইমাম মৌলানা ৰহুল আমিন আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদৰ ইমাম মৌলানা মুফটি মোৱাজুদ্দিনে । আনহাতে নামাজৰ লগত সংগতি ৰাখি সিদিনা ইমাম , ঈদগাহ , মছজিদ , কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হব।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন