অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু পৰিবেশ সংৰক্ষণৰ বাবে ৰাজহুৱা স্থান , মুকলি স্থান সমূহত পৰ্যাপ্ত সংখ্যক গছপুলি ৰোপণ কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে । আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বিগত দিনকেইটাত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে বিগত সময়চোৱাত খণ্ড বন বিষয়া কাৰ্যালয় সমূহৰ জৰিয়তে শিক্ষানুষ্ঠান চৌহদ আৰু ৰাজহুৱা স্থান সমূহত বনকর্মীৰ সহায়ত গছপুলি টোপনি কৰি আহিছে । তেনেদৰে ২৪ জুলাইত নাৰেংগী খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত এটা বনকর্মীৰ দলে নতুনকৈ নিৰ্মাণ কৰা নুনমাটি – খাৰঘুলি পথৰ মাজত থকা ডিভাইদাৰত ৮০ টা ওষধী গছৰ পুলি ৰোপণ কৰে । বিশেষকৈ পথছোৱাৰ নেপালী চকৰ পৰা গোপাল নগৰ সংযোগী প্ৰায় ডেৰ কিঃমিঃ দূৰত্বৰ অংশখিনীত গছপুলি সমুহ ৰোপণ কৰা হয় ।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক