জলসম্পদ বিভাগে পুনৰ জীৱন দিয়া ঐতিহাসিক কালমণি নৈক পৰিষ্কাৰ কৰি ৰখাৰ লক্ষ্য আজাৰা তালুকৰ কমিটিৰ

0 284

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ঐতিহাসিক কালমণি নৈখন সম্প্রতি পুনৰুজ্জীৱিত হৈ পৰাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদকে ধৰি বৃহত্তৰ আজাৰা অঞ্চল প্ৰায় এটা দশকৰ অন্তত এইবেলি কৃত্ৰিম বানপানীৰ কবলৰ পৰা ৰক্ষা পৰাৰ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে আজাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ আজাৰা অঞ্চলৰ মাজেৰে বৈ যোৱা তথা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ঐতিহাসিক কালমণি নৈখনত জাবৰ-জোঁথৰ নেপেলাবলৈ শেহতীয়াভাবে বৃহত্তৰ আজাৰা অঞ্চলৰ ৰাইজৰ অভিভাৱক স্বৰূপ আজাৰা তালুকৰ ফালৰ পৰা ৰাজহুৱা ভাৱে জাননী জাৰি কৰিছে। আনহাতে একমাত্ৰ কালমণি নৈখনেই নহয় ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আনকি অঞ্চলটোৰ উপপথৰ দাঁতিতো জাবৰ-জোঁথৰ পেলোৱা কাৰ্য নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে শতবৰ্ষ অতিক্ৰম কৰা বৃহত্তৰ আজাৰা অঞ্চলৰ ঐতিহাসিক ৰাজহুৱা অনুষ্ঠান আজাৰা তালুকৰ তৰফৰ পৰা আজাৰা গাঁৱৰ বিভিন্ন স্থানত ইতিমধ্যে সতৰ্কতামূলক জাননী আঁৰি দিয়া হৈছে। এলেকাটোৰ বিভিন্ন ঠাইত আঁৰি দিয়া এনে বেনাৰ সমূহৰ জৰিয়তে কালমণি নৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-উপপথৰ দাঁতিত জাবৰ -জোঁথৰ পেলোৱা নিষিদ্ধ কৰা হৈছে। নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়া হৈছে। কালমণি নৈত আৱৰ্জনা পেলোৱা দেখা মাত্ৰকে ফটো বা ভিডিঅ’ যোগে ৯৮৫৪০৯১৭৫৯/৭৬৩৮০২৭৯১৫/৯৮৬৪১৫৭০৩৪ বা ৮৭২১০৪২২৭২ মোবাইল নম্বৰত ৱাটচএপ যোগে প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে মেঘালয় সীমান্তৰ ৰাণী অঞ্চলৰ পৰা বৈ অহা পানীভাগ পাটগাঁও, আজাৰা অঞ্চলৰ অতিৰিক্ত পানীভাগ কালমণি নৈৰে বৈ গৈ দীপৰ বিলত পৰে। ইয়াৰ পিছত দীপৰ বিলৰ অতিৰিক্ত পানীভাগ পুনৰ খানা জানেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত পৰে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা এই যে সুদীৰ্ঘ বহু বছৰ ধৰি ৰাণীগেটৰ পৰা অৰ্জুনগুৰিৰ দলঙলৈকে নৈখন দীপৰ বিলত পৰা অংশখিনীলৈ এচাম লোকে কালমণি নৈখনত অবাধে জাৱৰ – জোথৰ, আৱৰ্জনা পেলাই অহাৰ ফলত বিগত প্ৰায় এটা দশক ধৰি নৈখনৰ অপমৃত্যু হৈছিল। ফলত বি.এছ.এফৰ পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদ, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদ, ভি.আই.পিৰ মিলন নগৰকে ধৰি বৃহত্তৰ আজাৰাৰ এক বিস্তীৰ্ণ অঞ্চল বাৰিষাৰ সময়ছোৱাত এজাক বৰষুণ দিলেই কৃত্ৰিম বানপানীৰ কবলত পৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছিল। অৱশেষত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ তৎপৰতাত জলসম্পদ বিভাগৰ মিৰ্জাস্থিত পলাশবাৰী-গুমি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা কালমণি নৈখনক পুনৰ জীৱন দান দিয়াৰ লক্ষৰে ৰাণীগেটৰ পৰা অৰ্জুনগুৰিৰ দলঙলৈকে খনন কাৰ্য আৰম্ভ কৰি জুন মাহত কাম সম্পূৰ্ণ কৰে। আনকি খনন কার্য চলোৱাৰ সময়ত নৈখনৰ ওপৰত চৰকাৰী – বেচৰকাৰীভাবে নিৰ্মাণ কৰা সকলো অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হয়। আজাৰা তালুক কমিটিকে ধৰি আজাৰা অঞ্চলৰ সচেতন ৰাইজেও এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছিল। আনহাতে জলসম্পদ বিভাগৰ পলাশবাৰী গুমি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা দ্বীপেন শৰ্মাই জানিবলৈ দিয়া মতে এতিয়া নৈখন যদি বোৱতী হৈ থাকিব লাগে, তেন্তে ৰাইজৰ সম্পূৰ্ণ সহযোগিতা থাকিলেহে সম্ভৱ হব। যদি ৰাইজে পূৰ্বৰ দৰে আকৌ কালমণিত পুনৰ বৰ্জিত আৱৰ্জনা পেলাই তেন্তে পুনৰ নৈখন মৃত্যুৰ মুখলৈ গতি কৰিব।
বাতৰি যুগুতালে জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.