অসমীয়া কথাছবি অমিতাভৰ ট্ৰেইলৰ মুকলি -১৯ আগষ্টত হব শুভ মুক্তি

0 214

দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ সৰপাৰা গাৱৰ উদীয়মান যুৱক , সাংস্কৃতিক কর্মী হিচাপে সুনাম থকা দিৱস দৰ্শনৰ কাহিনী , পৰিচালনা আৰু চিত্ৰনাট্যৰে আৰু অনুভূতি কলাকেন্দ্ৰৰ বেনাৰত নিৰ্মাণ কৰা হৈছে প্ৰায় ডেৰ ঘণ্টা দৈৰ্ঘ্যৰ অসমীয়া কথাছবি “অমিতাভ” । সকলো ঠিকে থাকে থাকিলে অহা ১৯ আগষ্টত ছবিখনৰ শুভ মুক্তি দিয়া হব । আনহাতে ২৮ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত ছবিখনৰ ট্ৰেইলৰ মুকলি কৰা হয় । ট্ৰেইলৰ মুকলি কৰে ছবিখনত অভিনয় কৰা জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাঁচনীয়ে । আনহাতে এই উপলক্ষে সাংবাদিক ধৰিত্ৰী দাসে আঁত ধৰা অনুষ্ঠানত চমু ভাষণত অতুল পাঁচনীয়ে এনে এখন ব্যতিক্ৰমী চিনেমা উপহাৰ দিয়া বাবে পৰিচালক দিৱস দৰ্শনৰ শলাগ লয় আৰু দৰ্শকে চিনেমাখন আদৰি লব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত পৰিচালক দিৱস দৰ্শনে ছবিখন নিৰ্মাণৰ আঁৰৰ কথা অভিজ্ঞতা আদিৰ চমুকৈ বাখ্যা দাঙি ধৰে । অনুষ্ঠানত ছবিখনত অভিনয় কৰা কেবাজনো অভিনেতা – অভিনেত্ৰী উপস্থিত থাকে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে চেন্নাইত মৃত্যুক আঁকোৱালি লোৱা অসমীয়া সাংস্কৃতিক জগতৰ ৰত্ন স্বৰূপ , উদিয়মান শিল্পী কিশোৰ দাসেও ছবিখনত অভিনয় কৰিছিল । আনহাতে ছবিখনৰ দৃশ্যগ্ৰহণ সমূহ দক্ষিণ কামৰূপৰ পলাশবাৰী ,কুকুৰমাৰা, ৰঙামাটি , ৰাণী , চানডুবিকে ধৰি অসম – মেঘালয় সীমান্তৰ কেতবোৰ মনমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানত লোৱা হৈছিল ।

Leave A Reply

Your email address will not be published.