কামৰূপ জিলা কাৰাটে সন্থাৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে যোৱা ৩০ জুলাইত মহানগৰীৰ ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ আন্ত: জিলা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত খেলত কামৰূপৰ মহানগৰ আৰু কামৰূপ জিলাৰ ১৪ টা কাৰাটে ক্লাবৰ প্ৰায় ৩০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰা খেলুৱৈ সকলে চলিত বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হ’ব লগীয়া সদৌ অসম কাৰাটে খেল প্ৰতিযোগিতাত খেলিবলৈ সুযোগ লাভ কৰিব। এদিনীয়াকৈ অনুষ্ঠিত কাৰাটে খেলত মুখ্য অতিথি হিচাবে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী জিলা বিজেপিৰ সভাপতি তপন দাস, কামৰূপ জিলা অগপৰ সভাপতি পৰেশ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কাকতি, অসম ৰাজ্যিক কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী, কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সভাপতি উত্তম ব্ৰহ্ম, সাধাৰণ সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁই, ধাৰাপুৰ তালুকৰ সভাপতি তিলক কলিতাৰ উপৰিও বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিযোগিতাত লংকেশ্বৰ কাৰাটে গীল্ডৰ খেলুৱৈ উপাস্যা কাশ্যপ, অৰিস্মা চৌধুৰী আৰু নেহা কেওটে ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে ধাৰাপুৰ ব্ৰহ্মপুত্ৰ কাৰাতে একাডেমিৰ খেলুৱৈ ক্ৰমে কৌশিক কলিতাই সোণ আৰু ব্ৰঞ্জ, যুৱদ্বীপ কলিতাই সোণ আৰু ব্ৰঞ্জ, পাৰ্থজিৎ দাসে সোণ, শৃংখল দাসে সোণ আৰু ৰূপ, প্ৰিয়ংশু দাসে ৰূপ, নম্ৰতা বৰুৱাই ৰূপ, হিয়াঞ্জলি কলিতাই ৰূপ, নয়ন মণি ঠাকুৰীৰই ৰূপ, দীকলু ডেকাই দুটাকৈ ব্ৰঞ্জ, প্ৰিন্স দাসে ব্ৰঞ্জৰ পদক, ৱিকি ডেকাই ব্ৰঞ্জ, জুবিন কলিতাই ব্ৰঞ্জ, তাজু আলিয়ে ব্ৰঞ্জ আৰু ধৃছিট ডেকাই ব্ৰঞ্জৰ পদক লাভ কৰিব সক্ষম হয়। আনহাতে পলাশবাৰী আঞ্চলিক চতোকান ক্লাৱে সোণ ১৩, ৰূপ ১৮ আৰু ব্ৰঞ্জৰ ২০ গৰাকী খেলুৱৈয়ে পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা