মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি অসমৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৰাজ্য খনৰ পলিটেকনিক সমূহৰ অধ্যক্ষ সকলৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত মন্ত্ৰী গৰাকীয়ে প্ৰতিখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ সকলৰ পৰা তেওঁলোকৰ শিক্ষানুষ্ঠান সমুহৰ শৈক্ষিক দিশৰ লগতে বিভিন্ন অভাৱ অভিযোগ সমুহৰ বিষয়ে বুজ লয়। মন্ত্ৰী গৰাকীয়ে বৈঠকত উল্লেখ কৰে যে প্ৰতিখন শিক্ষানুষ্ঠানৰ আন্তঃগাঠনি, প্ৰবক্তা সকলৰ খালি পদ পুৰণকে ধৰি বিভিন্ন সমস্যা সমুহ পৰ্য্যায়ক্ৰমে সমাধান কৰা হব। তেওঁ প্ৰতিগৰাকী অধ্যক্ষক তেওঁলোকৰ নিজ নিজ শিক্ষানুষ্ঠান সমুহক সন্মুখৰ পৰা নেতৃত্ব দি আগুৱাই লৈ যাৱলৈ আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে যিকোনো অভাৱ অভিযোগ থাকিলে অধ্যক্ষ সকলে বিনা দ্বিধাই পোনপতীয়াকৈ তেওঁক অৱগত কৰিবলৈ কয়। ইয়াৰ উপৰিও তেওঁ প্ৰতিখন শিক্ষানুষ্ঠানক হৰ ঘৰ ত্ৰিৰংগা উৎসৱত অংশগ্ৰহণ তথা ছাত্ৰ-ছাত্ৰী সকলক এই ক্ষেত্ৰত উৎসাহিত কৰিবলৈ উল্লেখ কৰে। আজিৰ এই বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ আযুক্ত সচিব এম এচ মনিভন্নন, সচিব বনশ্ৰী নাথ, কাৰিকৰি শিক্ষা বিভাগৰ সঞ্চালক ধ্ৰুৱজ্যোতি বৰা উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ