ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চল , অনুষ্ঠান – প্ৰতিষ্ঠান , ৰাজহুৱা স্থানত ১৫ আগষ্টত বিভিন্ন কাৰ্যসূচীৰে উলহ – মালহৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ভি আই পি চকৰ শ্যামভূমি হাইস্কুল চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে শ্যামভুমি হাইস্কুলৰ উন্নয়ন কমিটিৰ সভাপতি ভাদেশ্বৰ নাথে l অনুষ্ঠানত শ্যামভূমি হাই স্কুলৰ প্ৰধান শিক্ষক বিপুল দাসকে ধৰি শিক্ষক – শিক্ষয়িত্ৰী আৰু ছাত্ৰ – ছাত্ৰী ,দৈবযৌতুক তালুকৰ সভাপতি উপেন নাথ ,বিশিষ্ট সমাজ সেৱক প্ৰমোদ নাথ , বিজেপিৰ ৰাণী মণ্ডল সমিতিৰ সভাপতি হৰকান্ত নাথকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । তেনেদৰে যোগীপাৰা (ভি আই পি) আঞ্চলিক যোগী সন্মিলনী, মহিলা সন্মিলনী আৰু ৰাইজ গয়ৰহৰ সৌজন্যত চতুৰ্ভূজ কীৰ্তন ঘৰ প্ৰাঙ্গনত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ডঃ দীনেশ কাকতি নাথে । অনুষ্ঠানত সৰ্বভাৰতীয় যুৱ নাথ যোগী সন্মিলনীৰ সম্পাদক যোগী প্ৰদীপ কুমাৰ , সদস্য প্ৰবীণ কুমাৰ, যোগী প্ৰহ্লাদ সিং ভোলেৰাম, যোগী বলোৰাম আৰু যোগী সঞ্জয় হাৰিয়ানাৰ পৰা আহি অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও অনুষ্ঠানত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ কলিতা , ৰামছাৰাণী জিলা পৰিষদৰ সদস্যা শিখা নাথ চৌধুৰী , বি জে পি ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ , যোগীপাৰা ৰাইজ গয়ৰহৰ সভাপতি প্ৰভাত নাথ , সমাজকর্মী মৃদুল নাথ , দেৱ বড়োকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে । অনুষ্ঠানত ভবেন নাথ আৰু গিৰীণ নাথৰ নেতৃত্বত বিভিন্ন গীত, নৃত্যকে ধৰি দেশপ্ৰেম মূলক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন