ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চল , অনুষ্ঠান – প্ৰতিষ্ঠান , ৰাজহুৱা স্থানত ১৫ আগষ্টত বিভিন্ন কাৰ্যসূচীৰে উলহ – মালহৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ভি আই পি চকৰ শ্যামভূমি হাইস্কুল চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে শ্যামভুমি হাইস্কুলৰ উন্নয়ন কমিটিৰ সভাপতি ভাদেশ্বৰ নাথে l অনুষ্ঠানত শ্যামভূমি হাই স্কুলৰ প্ৰধান শিক্ষক বিপুল দাসকে ধৰি শিক্ষক – শিক্ষয়িত্ৰী আৰু ছাত্ৰ – ছাত্ৰী ,দৈবযৌতুক তালুকৰ সভাপতি উপেন নাথ ,বিশিষ্ট সমাজ সেৱক প্ৰমোদ নাথ , বিজেপিৰ ৰাণী মণ্ডল সমিতিৰ সভাপতি হৰকান্ত নাথকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । তেনেদৰে যোগীপাৰা (ভি আই পি) আঞ্চলিক যোগী সন্মিলনী, মহিলা সন্মিলনী আৰু ৰাইজ গয়ৰহৰ সৌজন্যত চতুৰ্ভূজ কীৰ্তন ঘৰ প্ৰাঙ্গনত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ডঃ দীনেশ কাকতি নাথে । অনুষ্ঠানত সৰ্বভাৰতীয় যুৱ নাথ যোগী সন্মিলনীৰ সম্পাদক যোগী প্ৰদীপ কুমাৰ , সদস্য প্ৰবীণ কুমাৰ, যোগী প্ৰহ্লাদ সিং ভোলেৰাম, যোগী বলোৰাম আৰু যোগী সঞ্জয় হাৰিয়ানাৰ পৰা আহি অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও অনুষ্ঠানত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ কলিতা , ৰামছাৰাণী জিলা পৰিষদৰ সদস্যা শিখা নাথ চৌধুৰী , বি জে পি ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ , যোগীপাৰা ৰাইজ গয়ৰহৰ সভাপতি প্ৰভাত নাথ , সমাজকর্মী মৃদুল নাথ , দেৱ বড়োকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে । অনুষ্ঠানত ভবেন নাথ আৰু গিৰীণ নাথৰ নেতৃত্বত বিভিন্ন গীত, নৃত্যকে ধৰি দেশপ্ৰেম মূলক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
Trending
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’