২০০৮ চনত মাথোন ৬ মাহৰ বাবে জয়মালা নামৰ হাতীটোক অসমৰ পৰা তামিলনাডুলৈ লিজত নিয়া হৈছিল । কিন্তু “জয়মালা” যোৱা প্ৰায় ১৪ বছৰে নৰক-যন্ত্ৰণা ভুগি আছে তামিলনাডুত । ইখনৰ পিচত সিখন চৰকাৰ সলনি হৈ আছে । অবৈধ ভাৱে বন্দী কৰি ৰখা “জয়মালা”ক তামিলনাডুৰ এটা মন্দিৰৰ চৌহদত চাৰিওখন ভৰি শিকলিৰে বান্ধি কেইবাজনো মাউতে অতি নৃশংসভাৱে মাৰপিট কৰি থকাৰ দৃশ্য “পেটা” নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে পোহৰলৈ আনিছে অসমৰ অন্যতম সমন্বয়-সংহতি-ঐক্যৰ অনুষ্ঠান “বহুভাষিক সাহিত্য মঞ্চ,অসম” চমুকৈ “বহুবাক” ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই এক বিজ্ঞপ্তিত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, বনমন্ত্ৰী, বন বিভাগৰ উৰ্দ্ধতম কতৃপক্ষক অনুৰোধ জনাই কয় – অচিৰেই জয়মালাক অসমলৈ ওভোতাই আনিব লাগে । যিকেজন মাউতে হাতীটোক নৃশংস ভাৱে অত্যাচাৰ কৰি আছে, তেওলোকক শাস্তি বিহিব লাগে ।জয়মালাক অতিশীঘ্ৰে অসমলৈ আনিবলৈ আহ্বান জনাইছে মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস আদি দল-সংগঠনে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন