আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ এটি শীৰ্ষ নেতৃত্বই অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তন, নিবনুৱা সমস্যা আৰু অসমৰ জাতীয় জীৱনৰ অনান্য সমস্যা সমাধানৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মাক সাক্ষাত কৰি ওঠৰ দফীয়া এক স্মাৰক পত্ৰ প্ৰদান কৰে । মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পিছত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰাই অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰি আহিছে ।ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা অসমলৈ হোৱা বিদেশী আৰু বহিঃৰাজ্যৰ পৰা হোৱা অবিৰত আৰু অবাধ প্ৰবজনে ইতিমধ্যে অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ স্ব-ভূমিত সংখালঘুত পৰিণত কৰাৰ উপক্ৰম কৰিছে ।সাম্প্ৰতিক প্ৰেক্ষাপটত আন্তঃৰাজ্যিক পাৰ-পত্ৰ পত্ৰ যে অতি যুক্তিযুক্ত আৰু নায্য দাবী সেয়া প্ৰতিপন্ন হৈছে । সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তন কৰাৰ লগতে অসমৰ শেহতীয়া সমস্যা কিছু সমাধানৰ দাবীত আজি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে ।পৰিষদে প্ৰদান কৰা স্মাৰক পত্ৰৰ দাবী সমূহৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষা নিতীৰ আধাৰত অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত মাতৃভাষাত শিক্ষাদান কৰা, অসম অৰুণাচল সীমা বিবাদ অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি নিষ্পত্তি কৰা, নিৰ্মীয়মান ফৰলেন সমুহ ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰা, ফৰলেন নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত টোল কৰ বন্ধ ৰখা, অসম চুক্তিৰ ছয় নং দফা কাৰ্য্যকৰী কৰা, মাজুলী যোৰহাট সংযোগী দলঙকে ধৰি ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান সকলো দলঙৰ নিৰ্মাণৰ কাম নিৰ্দিষ্ট সময়ত নিৰ্মাণ কৰা আদিয়ে প্ৰধান ।তেনেদৰ অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এখনি বাৰ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰও প্ৰদান কৰে । এই স্মাৰক পত্ৰত পৰিষদৰ তৰফৰ পৰা নিবনুৱা সমস্যা সমাধানৰ বিভিন্ন পন্থাৰ বিষয়ে উল্লেখ কৰি এক বাৰ দফীয়া দাবী প্ৰদান কৰা হয় । উল্লেখযোগ্য পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু মুখ্য উপদেষ্টা কমল ভৰালীৰ নেতৃত্বত এটি সজাতি দলে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika