অসমত স্থাপন কৰা হ’ব ৰাজ্যিক গৱেষণা ফাউণ্ডেচন : মুখ্যমন্ত্ৰী

0 151

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ পৰিকল্পনা অনুসৰি ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনৰ সৈতে সংগতি ৰাখি এটা ৰাজ্যিক গৱেষণা ফাউণ্ডেচন স্থাপন কৰিব।

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বাৰানসী কনক্লেভৰ খতিয়ানৰ অংশ হিচাপে অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ সম্পৰ্কে আয়োজিত এখন সন্মিলন অনুষ্ঠিত কৰা হৈছে।ৰাজ্যপালৰ সচিব আৰু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই সন্মিলনৰ আয়োজন কৰিছিল।

প্ৰস্তাৱিত গৱেষণা ফাউণ্ডেচনে শিক্ষাখণ্ডত পৰিৱৰ্তনশীল সংস্কাৰৰ বাবে পৰিমাণযোগ্য ফলাফলৰ সৈতে উদ্ভাৱনী গৱেষণাক প্ৰচাৰ কৰিব বুলি আশা কৰা হৈছে, বাৰাণসী সন্মিলনৰ অনুসৰণ হিচাপে অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত সন্মিলনত উল্লেখ কৰিছে।

“শিক্ষাৰ গুণগত উন্নতিৰ বাবে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ কাৰ্যকৰী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। স্বাস্থ্য আৰু শিক্ষাৰ বাবে ৬% এছ জি ডি পি নিৰ্ধাৰণেৰে স্বাস্থ্য আৰু শৈক্ষিক দিশত উন্নয়নৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধ।” বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ”ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিশ্ববিদ্যালয়ে নীতিৰ উপাদানসমূহ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেইসমূহ কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে। প্ৰতিখন বিশ্ববিদ্যালয়ে শিক্ষা নীতিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিষয় সমাধানৰ বাবে এখন মূল সমিতি গঠন কৰাটো প্ৰয়োজন।চৰকাৰে শৈক্ষিক বিষয়বোৰক দায়বদ্ধতা, গৱেষণা আৰু ডিজিটাইজেচনৰ সৈতে সামৰি লোৱাৰ বাবে এক সামগ্ৰিক শাসন পৰিকাঠামো স্থাপনৰ প্ৰক্ৰিয়াত আছে।”

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে বঙাইগাঁও, শিলচৰ, ডিব্ৰুগড় আৰু তেজপুৰত চাৰিটা Nano-incubation centres স্থাপন কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, আমাৰ দেশত চলি থকা ১৯৮৬ চনৰ শিক্ষা নীতিৰ এক আমূল পৰিবৰ্তন ঘটাই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ প্ৰৱৰ্তন কৰাৰ এক বিশেষ যো-জা চলি আছে। ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে যোৱা ২৯ জুলাই ২০২০ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক অনুমোদন জনায়।

Leave A Reply

Your email address will not be published.