পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,ভৱানীপূৰ উন্নয়ন খণ্ডৰ উদ্যোগত উন্নয়ন খণ্ডটোৰ কাৰ্যালয় প্ৰাংগণত আজি দিনৰ ভাগত আয়োজিত ‘সখী এক্সপ্ৰেছ’ ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকলৰ মাজত আনুষ্ঠানিক ভাৱে স্কুটী বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এই কাৰ্যসূচীৰ জৰিয়তে ভৱানীপূৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ত্ৰিশ গৰাকী সামূহিক কৰ্মীক ত্ৰিশখন স্কুটী বিতৰণ কৰা হয়।স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভৱানীপূৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে।ভৱানীপুৰ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া নিৰ্মল দাসে পৰিচালনা কৰা শুভাৰম্ভ অনুষ্ঠানত বিধায়ক তালুকদাৰে নিজৰ ভাষণত চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰাৰ লগতে গুণানুকীৰ্তন কৰে।লগতে তেওঁ কয় যে অসমৰ নিত্য প্ৰয়োজনীয় কণী,গাখীৰ আদিত আমি আত্মনিৰ্ভৰশীল হ’ব লাগিব।অসমক এই ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰিব পাৰিব মহিলাসকলে।ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে।অসমৰ বিশেষকৈ গাঁৱৰ মহিলা সকলে ইয়াৰ বাবে আগবাঢ়ি আহিব লাগে।চৰকাৰে সকলো ক্ষেত্ৰতে চেষ্টা অব্যাহত ৰাখিছে।কিন্তু ইয়াৰ সফলতা নিৰ্ভৰ কৰিব আমি কেনেকৈ কি অৰিহণা আগবঢ়াম ইয়াৰ ওপৰত।উল্লেখযোগ্য যে অনুষ্ঠানটোত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান বজালী জিলাৰ প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰ, ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু,ভৱানীপুৰ খণ্ড প্ৰকল্প প্ৰবন্ধক দীপাংকৰ চৌধুৰী, ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বুদ্ধদেৱ পাটগিৰি আদিয়ে অংশগ্ৰহণ কৰে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon