জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতাৰে সত্তৰৰ দশকৰ পৰা কাব্যচৰ্চা আৰু গীতিকবিতা ৰচনা কৰি অহা, বিশিষ্ট সাহিত্যিক ড: সূৰ্যকান্ত হাজৰিকাৰ নবতম কাব্য সংকলন “সময়ৰ কথা” মহানগৰীৰ আৰ জি বৰুৱা পথৰ এচ কে হাজৰিকা মহাবিদ্যালয় প্ৰাংগণত আজি শুভ উন্মোচন কৰে নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি, বিশিষ্টা লেখিকা, শিক্ষাবিদ ড০ মলিনা দেৱী ৰাভাই। উন্মোচন কৰি ড০ ৰাভাই কয় – “জীৱনৰ বৰ্ণিল অভিজ্ঞতা কবিতাৰেও প্ৰকাশ কৰিব পাৰি। কবিতা অৰ্থযুক্ত হ’ব লাগে, কবিয়ে পৰিৱেশ সৃষ্টি কৰিব লাগে, চিন্তাৰ প্ৰকাশ পাব লাগে। চন্দ, তাল, মান, লয় কবিতাৰো থাকিব লাগে। ” ড: ৰাভাই উন্মোচনী ভাষণত তেখেতে নিজৰ ধৰ্ম, কৃষ্টি, সমাজ, সংস্কৃতি, পৰম্পৰা, ঐতিহ্যক অকৃত্ৰিম আৰু আন্তৰিক শ্ৰদ্ধা ভক্তিৰে কৰা হাজৰিকাক সৃষ্টি কৰ্মৰ শলাগ লয়। সভা উদ্বোধন কৰি অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠকে কয় – “মানুহক আমি জানিবলৈ, বুজিবলৈ, শিকিবলৈ চেষ্টা কৰিব লাগে।পঢ়িব লাগে, পঢ়ুৱাবও লাগে । শিল্প-সাধনা, সাহিত্য সাধনা, সংস্কৃতি সাধনা কৰা লোকসকলে সমাজৰ মাজত সদায় জীয়াই থাকে। কবিতা-গীতৰ মাজত প্ৰভেদ নাই বুলি কব পাৰি। ড০ সূৰ্যকান্ত হাজৰিকাই সাহিত্যৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অবদানৰ কথা দোহাৰে। “সাংবাদিক- কবি-লেখক দীপক শৰ্মাই আত ধৰা সভাত গোৱালপাৰাৰ বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট কবি ড০ এম গোপাল সিংহই মুখ্য অতিথিৰ ভাষণত কয়- কবিতাই খুনা পাৰে হৃদয়ত, কবিবোৰ দাৰ্শনিক। সময় সাপেক্ষে কবিতা লিখিব লাগে কবিয়ে, কবিবোৰ মহান। নেপালী সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্টা লেখিকা নিৰু শৰ্মা পৰাজুলিয়ে অতিথিৰ ভাষণত কয়-“এখন অন্তৰৰ পৰা অইন এখন অন্তৰলৈ অনুৰণন কৰিব পৰা সৃষ্টি কৰিব লাগে কবি-সাহিত্যিকে। অহংকাৰী, অভিমানী লোক কোনোদিন আগুৱাব নোৱাৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক, সাহিত্য কোৱৰ কমল কলিতাই কয়- কবিবোৰ ঋষিৰ লেখিয়া । কবিয়ে অনুশীলন কৰিলে বহু উন্নত কবিতা সৃষ্টি কৰিব পাৰে। ভাল কবিতা বিদ্যুতৰ দৰে। সভাত ৰাষ্ট্ৰীয় কবি সংঘমৰ উপাধ্যক্ষ ড০ গীতা দত্ত চহৰীয়াই কয়- অসমৰ গ্ৰন্থ যদি অইন ভাষালৈ অনুদিত হয় তেতিয়াহ’লে অসমৰ সাহিত্যিকে বহু সন্মান কঢ়িয়াই আনিব। “ড০ সূৰ্যকান্ত হাজৰিকাৰ নাতিদীৰ্ঘ ভাষণৰ অন্তত শলাগৰ শৰাই আগবঢ়াই এচ কে হাজৰিকা মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ ইভা হাজৰিকাই।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত