ভক্তিভাৱেৰে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰি অহা এখনি আলোচনীৰ নেতৃত্ব দি অহা সাহিত্যসেৱী ব্ৰজেন্দ্ৰ নাথ ডেকাই যোৱা ২৭ বছৰ ধৰি নিৰলসভাৱে ভাষা-সাহিত্যক প্ৰাণ দি আহিছে। ‘বাৰ্তাপখিলী’ নামৰ এই আলোচনীখন ক’ভিড পৰিস্থিতিৰ সময়তো স্থবিৰ নহ’ল। অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ মাহেকীয়া আলোচনী বাৰ্তাপখিলীৰ আজি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত এইদৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় অসম চৰকাৰৰ যুটীয়া আৰক্ষী আয়ুক্ত তথা কবি, ‘আইনা’ আলোচনীৰ সম্পাদক পাৰ্থসাৰথি মহন্তই। তেওঁ ভাষণ প্ৰসংগত আৰু কয় যে এই আলোচনীৰ আছে অসমীয়া জাতীয় চেতনা। আমাৰ মাতৃভাষাৰ আত্ম এই আলোচনীখন বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে আজি বিয়লি ৪ বজাৰ পৰা মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ ৰেচম আৰু হস্ততাঁত বস্ত্ৰ মন্ত্ৰী তথা বড়োলেণ্ড উন্নয়ন মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ ভাষণ প্ৰসংগত অসমীয়া ভাষা সাহিত্যৰ বাবে ব্ৰজেন্দ্ৰ নাথ ডেকাই গোটেই জীৱন উৎসৰ্গা কৰি আহিছে বুলি উল্লেখ কৰি এই আলোচনীখন আমাৰ বাবে ইতিহাস হৈ ৰ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ‘গিৰজনি’ আলোচনীৰ মুখ্য সম্পাদক ড০ মুকুল চক্ৰৱৰ্তীৱে আদৰণী ভাষণ আগবঢ়োৱা সভাত বিশিষ্ট অতিথি হিচাপে অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰীয়েও অংশগ্ৰহণ কৰি নাতিদীৰ্ঘ বক্তব্য আগবঢ়ায়। তেওঁ ‘বাৰ্তাপখিলী’ আলোচনীখনিয়ে অসমীয়া ভাষা-সাহিত্যৰ বাবে এক অভিলেখ ৰচনা কৰিছে বুলি উল্লেখ কৰি কয় যে মানুহৰ কথা কোৱা, মাতৃভাষাৰ কথা কোৱা আলোচনীখনেই হ’ল বাৰ্তাপখিলী। সভাত অন্যগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ‘দৈনিক অগ্ৰদূত’ কাকতৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই। তেওঁ ভাষণ প্ৰসংগত এই ৰূপালী জয়ন্তী বৰ্ষ গৰকা অসমীয়া ভাষা-সাহিত্যৰ উল্লেখযোগ্য মাহেকীয়া আলোচনী ‘বাৰ্তাপখিলী’ প্ৰকাশৰ বাবে আমাৰ দায়িত্ব আছে। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা বাৰ্তাপখিলীৰ উপদেষ্টা থানেশ্বৰ মালাকাৰেও বক্তব্য আগবঢ়ায়। শিশু শিল্পী নিয়ৰকণা দাসৰ বৰগীত পৰিৱেশনে আৰম্ভ হোৱা অনুষ্ঠানতে এহাজাৰ পৃষ্ঠাৰে সমৃদ্ধ মাহেকীয়া ‘বাৰ্তাপখিলী’ৰ শাৰদীয় বিশেষ সংখ্যাটি আনুষ্ঠানিকভাৱে মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা ব্যক্তিসকলে উন্মোচন কৰে। প্ৰফুল্ল বৰ্মনে শৰাইৰ শৰাই আগবঢ়োৱা সভাত বাৰ্তাপখিলীৰ সম্পাদনা সমিতিৰ কাৰ্যবাহী সম্পাদক গোপাল জালান, দুৰ্গাপ্ৰসাদ হাজৰিকা, বিপুল কুমাৰ দিহিঙীয়াৰ লগতে আলোচনীখনিৰ লগত চিত্ৰশিল্পী হিচাপে সহযোগ আগবঢ়াই অহা বিশিষ্ট চিত্ৰশিল্পী চন্দন চুতীয়া আৰু বিষয়ববীয়া উপস্থিত থাকে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ