পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,ভৱানীপূৰ উন্নয়ন খণ্ডৰ উদ্যোগত উন্নয়ন খণ্ডটোৰ কাৰ্যালয় প্ৰাংগণত আজি দিনৰ ভাগত আয়োজিত ‘সখী এক্সপ্ৰেছ’ ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকলৰ মাজত আনুষ্ঠানিক ভাৱে স্কুটী বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এই কাৰ্যসূচীৰ জৰিয়তে ভৱানীপূৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ত্ৰিশ গৰাকী সামূহিক কৰ্মীক ত্ৰিশখন স্কুটী বিতৰণ কৰা হয়।স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভৱানীপূৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে।ভৱানীপুৰ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া নিৰ্মল দাসে পৰিচালনা কৰা শুভাৰম্ভ অনুষ্ঠানত বিধায়ক তালুকদাৰে নিজৰ ভাষণত চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰাৰ লগতে গুণানুকীৰ্তন কৰে।লগতে তেওঁ কয় যে অসমৰ নিত্য প্ৰয়োজনীয় কণী,গাখীৰ আদিত আমি আত্মনিৰ্ভৰশীল হ’ব লাগিব।অসমক এই ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰিব পাৰিব মহিলাসকলে।ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে।অসমৰ বিশেষকৈ গাঁৱৰ মহিলা সকলে ইয়াৰ বাবে আগবাঢ়ি আহিব লাগে।চৰকাৰে সকলো ক্ষেত্ৰতে চেষ্টা অব্যাহত ৰাখিছে।কিন্তু ইয়াৰ সফলতা নিৰ্ভৰ কৰিব আমি কেনেকৈ কি অৰিহণা আগবঢ়াম ইয়াৰ ওপৰত।উল্লেখযোগ্য যে অনুষ্ঠানটোত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান বজালী জিলাৰ প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰ, ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু,ভৱানীপুৰ খণ্ড প্ৰকল্প প্ৰবন্ধক দীপাংকৰ চৌধুৰী, ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বুদ্ধদেৱ পাটগিৰি আদিয়ে অংশগ্ৰহণ কৰে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ