গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড চমুকৈ জি আই এ এলে বিমানবন্দৰত নিৰাপত্তা ব্যবস্থা শক্তিশালীকৰণকে ধৰি ৰাজহ ফাঁকি ৰোধ, পৰিচালনাৰ কাৰ্য কুশলতা বৃদ্ধি, বিত্ত আৰু বাণিজ্যিক দক্ষতা বৃদ্ধি, নিৰীক্ষণ কার্য নিখুঁত কৰা আদিৰ বাবে অত্যাধুনিক তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বৰঝাৰ বিমানবন্দৰত আই টিৰ সহযোগত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। ১৭ ছেপ্টেম্বৰত এই নিয়ন্ত্ৰণ কক্ষটো উদ্ধোধন কৰে বৰঝাৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত উৎপল বৰুৱাই নতুন প্ৰযুক্তিৰ সংযোজনৰ ফলত বিমানবন্দৰৰ বহু কাম সহজ হোৱাৰ লগতে স্বচ্ছতা, ক্ষিপ্ৰ আৰু পৰিচালনাগত দিশত বহুখিনী উন্নত মানৰ হব বুলি আশা প্ৰকাশ কৰে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক