গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড চমুকৈ জি আই এ এলে বিমানবন্দৰত নিৰাপত্তা ব্যবস্থা শক্তিশালীকৰণকে ধৰি ৰাজহ ফাঁকি ৰোধ, পৰিচালনাৰ কাৰ্য কুশলতা বৃদ্ধি, বিত্ত আৰু বাণিজ্যিক দক্ষতা বৃদ্ধি, নিৰীক্ষণ কার্য নিখুঁত কৰা আদিৰ বাবে অত্যাধুনিক তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বৰঝাৰ বিমানবন্দৰত আই টিৰ সহযোগত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। ১৭ ছেপ্টেম্বৰত এই নিয়ন্ত্ৰণ কক্ষটো উদ্ধোধন কৰে বৰঝাৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত উৎপল বৰুৱাই নতুন প্ৰযুক্তিৰ সংযোজনৰ ফলত বিমানবন্দৰৰ বহু কাম সহজ হোৱাৰ লগতে স্বচ্ছতা, ক্ষিপ্ৰ আৰু পৰিচালনাগত দিশত বহুখিনী উন্নত মানৰ হব বুলি আশা প্ৰকাশ কৰে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon