১৬ ৰ পৰা ১৮চেপ্তেম্বৰলৈ লেবাননৰ বেইৰুট ইউনেছকো পেলেচত অনুষ্ঠিত হৈ যায় এখন আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী ৷ পিচ্-৩ ( peace – 3 ) শীৰ্ষক এই প্ৰদৰ্শনীখন ১৬ চেপ্তেম্বৰত যুটীয়াভাৱে উদ্বোধন কৰে লেবাননৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী মিঃ মহম্মদ উইছাম মূৰটাদা আৰু ভাৰতৰ ৰাষ্ট্ৰদূত ড° চোহেইল আয়াজ খানে ৷ লেবাননৰ ইউনেছকো পেলেচ আৰু ভাৰতৰ এছ এম ডি(SMD) ফাউণ্ডেচনৰ বেনাৰত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনত ভাৰতকে ধৰি জৰ্ডান , আমেৰিকা যুক্তৰাষ্ট্ৰ, আলবেনিয়া, জাৰ্মান , টাইৱান, আৰু ভিয়েটনাম আদি কেইবাখনো দেশৰ চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ উক্ত প্ৰদৰ্শনীখনৰ অন্যতম আকৰ্ষণ আছিল তাত উপস্থিত থকা লেবানন চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মুখ্য প্ৰৱন্ধক তথা কলা সমালোচক গৰাকী ৷ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী সভাত সাংস্কৃতিক মন্ত্ৰী মহম্মদ উইছাম মুৰটাদা , ৰাষ্ট্ৰদূত ড° চাহিল আয়াজ খান আৰু এছ এম ডি (SMD) ফাউণ্ডেচনৰ সভাপতি মিন্টু ডেকাই নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে সকলো শিল্পীকে অভিবাদন জনাই তেওঁলোকৰ সৃষ্টিশীল কৰ্মৰ বাবে ভূয়সী প্ৰশংসা কৰে ৷ এই আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনত অসমৰ হৈ মিন্টু ডেকা উপস্থিত থকাৰ লগতে শিল্পী জোনমণি বৰায়ো নিজৰ প্ৰিন্ট ছবিৰে অংশগ্ৰহণ কৰে ৷এই চিত্র প্রদর্শনী খনত লেবাননৰ এশ গৰাকী শিল্পীৰ লগতে বিদেশৰ ত্ৰিশ গৰাকী চিত্র শিল্পীৰ মুঠ ১৩০ খন শিল্প কৰ্ম প্ৰদৰ্শিত হয়। জীৱন আৰু জগতৰ বিভিন্ন ভাবানুভুতিক মটিফ হিচাপে লৈ অংকণ কৰা ছবিসমূহে দৰ্শক সমালোচকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে৷
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক