মিচিং জনগোষ্ঠীৰ অন্যতম প্ৰধান বংশ সদৌ কমান অপৃন কৌবাংৰ উদ্যোগত দেওবাৰে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয় । হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ মুঠ ৫৬ গৰাকী ছাত্ৰ ছাত্ৰীক কমান অপৃনৰ তৰফৰ পৰা এই সম্বৰ্ধনা জনোৱা হয় । এই সন্দৰ্ভত সদৌ কমান অপৃন কৌবাংৰ উদ্যোগত দেওবাৰে ধেমাজি জিলাৰ গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় অষ্টম বাৰ্ষিক কেন্দ্ৰীয় সম্বৰ্ধনা অনুষ্ঠান। পুৱা কমান অপৃনৰ সভাপতি নন্দেশ্বৰ কমানৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক চিদানন্দ কমানে । বিশিষ্ট কৃষি অভিযন্তা বেঞ্জামিন কমানৰ মনোজ্ঞ আদৰণি ভাষনেৰে শুভাৰম্ভ হোৱা সম্বৰ্ধনা সভাত নিৰ্দিষ্ট বক্তা হিচাবে মিচিং শব্দ কোষৰ সহকাৰী সম্পাদক জয়ন্ত কমানে বক্তব্য ৰাখি কমান অপৃনৰ ভৱিষ্যতৰ সোপান স্বৰূপ মেধাবী শিক্ষাৰ্থী সকলৰ শৈক্ষিক উত্তৰণৰ সফল যাত্ৰাক উদগনি যোগাবৰ বাবে প্ৰদান কৰা এই সম্বৰ্ধনা অনাগত সময়ৰ ভবিষ্যত প্ৰজন্মই যাতে আদৰ্শ হিচাবে গ্ৰহণ কৰিব পাৰে তাৰ বাবে নিজকে একো একোজন উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ়ি তুলিবলৈ আহ্বান জনায়। সভাত মুখ্য অতিথি হিচাবে সাংবাদিক অমৃত পৱন বৰাই বক্তব্য আগবঢ়াই আত্ম প্ৰতিষ্ঠাৰ কঠোৰ শৈক্ষিক যাত্ৰাত সফলতা আৰ্জিবলৈ সহজ লভ্য আৰু চমু পথ নাই বুলি উল্লেখ কৰি কঠোৰ শ্ৰম ,সাধনা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰিলে ইস্পিত সুফল লাভ কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰে। বৰাই স্বগোষ্ঠীয় লোক কৃষ্টি সংস্কৃতি , ভাষা সাহিত্যৰ উৎকৰ্ষ সাধনৰ বাবেও নৱ প্ৰজন্মৰ ওপৰত গুৰু দায়িত্ব আছে বুলি উল্লেখ কৰি বৃত্তিমুখী শিক্ষাতকৈ সমাজ দায়বদ্ধ শিক্ষাৰে শিক্ষিত হৈ সমাজ সভ্যতাত উৎকৃষ্ট মানৱ সম্পদ হিচাবে পৰিচিত হোৱাৰ বাবে মনোনিবেশ কৰাৰ আহ্বান জনাই সম্বৰ্ধিত শিক্ষাৰ্থী সকলক। কমান অপৃনৰ গৰিষ্ঠ সংখ্যক বিষয় ববীয়া আৰু কৰ্মকর্তা ,অভিভাৱক আৰু শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব প্রদর্শনৰে উত্তীৰ্ণ হোৱা মুঠ ৩০ গৰাকী ,উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মুঠ ২৬ গৰাকী শিক্ষাৰ্থীক জনগোষ্ঠীয় গামোচা , স্মাৰক আৰু নগদ ধনেৰে সম্বৰ্ধনা জনাই বিদ্যায়তনিক সফল জীৱনৰ কামনা কৰা হয় আৰু অপৃনৰ শৈক্ষিক বঁটাৰ দাতা সকলকো সম্বৰ্ধনা জনোৱা হয়।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন